মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মীন

আমাৰ ইতিহাস

  • জলজ সম্পদকে ধৰিঅসম এখন প্ৰাকৃতিক সম্পদৰাজিৰে পৰিপূৰ্ণ ৰাজ্য। গতিকে ৰাজ্যখনত উপলব্ধ জলজ সম্পদৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ দিশত দৃষ্টিপাত কৰি তদানিন্তন চৰাকাৰখনে মীন ক্ষেত্ৰ খনৰ উন্নয়নৰ বাবে এটা কোষ স্থাপনৰ বিষয়ে বিবেচনা কৰে যাতে ৰাজ্যখনৰ মীন মহল সম্বন্ধীয় বিভিন্ন বিষয় চোৱা চিতা কৰিব পাৰি আৰু লগতে সীমিত চৰকাৰী উপৰ্জনৰ বাবে ব্যৱহাৰ কৰি থকা মীন সমূহৰ বিষয় সমূহৰ নিষ্পত্তিকৰণ কৰাটোও সম্ভৱ হৈ পৰে।

    সেই অনুসৰি ১৯৪৮চনত, মীন মহল ক্ষেত্ৰৰ সকলো দিশ চোৱা-চিতা কৰিবৰ বাবে কুটিৰ শিল্প উদ্যোগ বিভাগৰ অধীনত এক একক স্থাপন কৰা হয়।ইয়াৰ দুবছৰ পাছতেই কুটিৰ শিল্প উদ্যোগ বিভাগৰ পৰাই আঁতৰাই এই এককক কষি বিভাগৰ সৈতে সংলগ্ন কৰা হয়। ১৯৬৩চনলৈ এই ধাৰা অক্ষুণ্ণ থকাৰ পাছত ইয়াক পুনৰ পশু পালন আৰু পশু চিকিত্সা বিভাগৰ সৈতে সংলগ্ন কৰা হয় আৰু ১৯৯১চনৰ শেষলৈই অব্যাহত থাকে।

    ১৯৯১চনৰ ডিচেম্বৰ মাহত, তেতিয়াৰ তদানিন্তন চৰকাৰ খনে মীন মহল খণ্ডৰ মন্থৰ উন্নয়নৰ দিশতো দৃষ্টিপাত কৰি এই কথা অনুধাৱন কৰে যে দীৰ্ঘদিন ধৰি গুৰুত্বহীন হৈ থকা এই খণ্ডক প্ৰাপ্য মৰ্য্যদা প্ৰদান কৰাৰ প্ৰয়োজন আছে যাতে অসমৰ অৰ্থনৈতিক পৰিস্থিতি উন্নয়নৰ দিশত ই সহায়ক হয় আৰু লগতে গ্ৰাম্যাঞ্চলৰ মাছমৰীয়া তথা মত্স্য কৃষক সকল সামগ্ৰীক ভাৱে উপকৃত হয়।ইয়াৰ লগে লগে এক যুগান্তকাৰী সিদ্ধান্ত গ্ৰহণ কৰি তেতিয়াৰ চৰকাৰে মীন মহলক এক সূকীয়া বিভাগৰ মৰ্য্যদা প্ৰদান কৰাৰ বাবে পদক্ষেপ প্ৰদান কৰে। ইয়াৰ অৰ্থ হল পূৰ্বৰ দৰে এই বিভাগটোৱে কোনো জ্যেষ্ঠভাতৃ বিভাগৰ অধীনত কাৰ্য্য সম্পাদন নকৰে। গতিকে এক স্বাধীন বিভাগ হিচাপে নিজ উন্নয়ন আৰু প্ৰাপ্য সন্মান অৰ্জনৰ হকে কাৰ্য্য সম্পাদন কৰাৰ বাবে উক্ত বিভাগটো স্বতন্ত্ৰ হৈ পৰিল।

    পাছে এই বিভাগৰ বাবে ১৯৬৮চনতে সঞ্চালকৰ পদটো সৃষ্টি কৰা হৈছিল যেতিয়া এই বিভাগটো এক একক হিচাপে পশুপালন আৰু পশুচিকিত্সা বিভাগৰ সৈতে সংলগ্ন কৰা হৈছিল।