মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মীন

নাগৰিক চনদ

  • পাতনি

    নদী, খাল, বিল, পৰিতক্ত জলাশয়, জলাশয়, পুখুৰী, বনাঞ্চলীয় মীন আদি বিভিন্ন ৰূপত অসমত ২.৮৫লাখ হেক্টৰ এলেকা সামৰি এক বিশাল মীন সম্পদ উপলব্ধ। অসমৰ প্ৰায় ৫০শতাংশ লোকে মাছ উপভোগ কৰে। ইয়াৰোপৰি ৰাজ্যখনত ২১৬বিধ সতেজ জলজপ্ৰজাতি, বহু সংখ্যক দেশীয় মাছ আৰু প্ৰায় ৫০বিধ বিদেশীঅলংকাৰীক মূল্যৰ মাছৰ সৈতে এক বৈচিত্ৰময় উদ্ভিদ আৰু পশুকুল উপলব্ধ।ৰাজ্যখনৰ উপলব্ধ জলজ সম্পদৰ সৈতে থকা সম্ভাৱনীয়তাৰ তুলনাত মাছৰ বৰ্তমান উত্পাদন তেনেই কম। ৰাজ্যখনত গঢ়ে ৪৫০০ নিযুত সংখ্যক মাছৰ সৰু পোনা উত্পাদন হয় আৰু প্ৰয়োজনীয় চাহিদাতকৈ কম পৰিমাণত অৰ্থাত বৰ্তমান ১৩৫নিযুত সংখ্যক ডাঙৰ পোনা উত্পাদন হয়। বৰ্তমান ৰাজ্য খনৰ আঠটা মত্স্য বিধান উদ্যোগৰ জৰিয়তে ৯০,০০০মেট্ৰিক টন চাহিদাৰ পৰিৱৰ্তে ৩০০০মেট্ৰিক টন বিধান উত্পাদন কৰে।

    বিভাগৰ দূৰদৰ্শিত

    এই বিভাগৰ লক্ষ্য হৈছেবহনক্ষম উত্পাদন বৃদ্ধি, পুষ্টি আৰু খাদ্য সুৰক্ষা প্ৰদান কৰা, জীৱিকা আৰু নিয়োগ বৃদ্ধি, মাছমৰীয়া সকলৰ কল্যাণ সাধন, দক্ষ্য আৰু বৃত্তিগত মানৱ সম্পদ সৃষ্টি কৰা আৰু অৰ্থনৈতিক উন্নয়ন সাধনৰ জৰিয়তে ৰাজ্য খনক মত্স্য উতপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তোলা।

    লক্ষ্য

    ১. হ্ৰস্ৰম্যাদি লক্ষ্যঃ ৰাজ্যখনত মাছৰ পুষ্টিগত চাহিদা পূৰণ কৰা।

    ২. মধ্য ম্যাদি লক্ষ্যঃ সূলভ মূল্যত জনসাধাৰণৰ বাবে মাছ উপলব্ধ কৰোৱা আৰু বছৰি ১৫কিলোগ্ৰাম পৰিমাণৰ পৰিপূৰক পুষ্টি যোগাব পৰাকৈ মাছৰ যোগান ধৰা।

    ৩. দীৰ্ঘ ম্যাদি লক্ষ্যঃ অতিৰিক্ত মাছৰ উত্পাদন কৰি ইয়াক উত্তৰ-পূৱৰ অন্য ৰাজ্যৰ লগতে ইয়াৰ ওচৰ-চুবুৰীয়া ৰাষ্ট্ৰকো যোগান ধৰা।

    বহল অভিযান

    ১. মাছমৰীয়া আৰু মত্স্য কৃষি সম্প্ৰদায়ৰ বাবে বহনক্ষম আৰু উপযুক্ত জীৱিকাৰ ব্যৱস্থা কৰা।

    ২. সকলোকে কম খৰচি প্ৰটিনৰ উত্স যোগান ধৰাটো সুনিশ্চিত কৰা।

    ৩. ২০২২চনৰ পূৰ্বে উন্নত মানৰ ডাঙৰ পোনা উতপাদনৰ ক্ষেত্ৰত ৰাজ্য খনক আত্ম নিৰ্ভৰশীল কৰি তোলা।

    ৪. স্থানীয় মাছ আৰু মীনৰ ফলপ্ৰসুতাৰে সংৰক্ষণ কৰা আৰু লগতে এই সম্পদ সমূহৰ উচিত ব্যৱহাৰ কৰা।

    ৫. উদ্যমীয়তা আৰু নিয়োগৰ সুবিধা সৃষ্টি কৰা আৰু লগতে উক্ত খণ্ডত ৰাজহুৱা আৰু ব্যক্তিগত অংশীদাৰিত্বৰ জৰিয়তে প্ৰয়োজনীয় আন্তঃগাঠনি সৃষ্টি কৰাত সুবিধা প্ৰদান কৰা।

    ৬. মত্স্য কৃষিৰ ক্ষেত্ৰত প্ৰকৃত অনুশীলন ব্যৱস্থাপনা গ্ৰহণ কৰাৰ বাবে কৃষক সকলক উত্সাহিত কৰা।

    Downloads
    নাগৰিক চনদ
    TitleSizeDetail
    নাগৰিক চনদ444.37 KBswf-image