মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মীন

আমি কি কৰো

  • মীনৰ সৈতে জড়িত সৰহ সংখ্যক লোকেই, মত্স্য কৃষকেই হওক বা মাছ ধৰোতাই হওক, সাধাৰণতে আৰ্থিক ভাৱে সৱল নহয়। প্ৰাথমিক পৰ্য্যায়ত পুখুৰী খণ্ডা বা পাম স্থাপন কৰিবলৈ হলে বহু পূঁজিৰ প্ৰয়োজন হয়। তাৰোপৰি বৈজ্ঞানিক পদ্ধতিৰ মত্স্য কৃষিৰ অনুশীলন আৰু ব্যৱস্থাপনাৰ বাবে প্ৰয়োজনীয় দক্ষতা আৰু জ্ঞানৰ অভাৱৰ ফলতো ৰাজ্য খনত সম্ভাৱনীয়তাৰ তুলনাত মাছৰ উত্পাদন যথেষ্ঠ কম। এই ব্যৱধান হ্ৰাস কৰাৰ বাবে মীন মহল বিভাগে কাৰিকৰী সহায়তা প্ৰদান কৰি মত্স্য উত্পাদন বৃদ্ধিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। শেহতীয়াকৈ কেবাটাও বছৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টা আৰু মত্স্য কৃষিজীৱি সম্প্ৰদায়ৰ লোকৰ বৰ্ধিত আগ্ৰহৰ ফল স্বৰূপে মীন মহল খণ্ডই ৰাজ্যৰ অৰ্থনৈতিত দিশতোক এক নতুন ধাৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকে গ্ৰম্যাঞ্চলৰ বহু সংখ্যক যুৱক তথা উদ্যমীয়ে মত্স্য কৃষিক এক বাণিজ্যিক বৃত্তি হিচাপে গ্ৰহণ কৰাটো পৰিলক্ষিত হৈছে। ইয়াৰ ফলস্বৰূপে ২০০০-০১বৰ্ষৰ ১.৫৮লাখ মেট্ৰিক টন মত্স্য উত্পাদনৰ বিপৰীতে অসমত ২০১৬-১৭বৰ্ষত মত্স্য উত্পাদন ৩.০৭লাখ মেট্ৰিক টনলৈ বৃদ্ধি পাইছে।

    মীন খণ্ডৰ সামগ্ৰীক বিকাশৰ বাবে বিভাগে ‘অধিক মত্স্য উত্পাদন’ৰ শ্লোগানৰ লগতে তলত উল্লেখ কৰা দায়িত্ব সমূহৰ সৈতে নিজ কৰ্ম অব্যাহত ৰাখিছে:

    • ৰাজ্য খনত উপলব্ধ সম্পদৰ পূৰ্ণ ব্যৱহাৰৰ জৰিয়তে মাছ আৰু উন্নত মানৰ মত্স্য বিধানৰ উত্পাদন বৃদ্ধি কৰা।
    • কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মীন সম্পৰ্কীয় আঁচনি সমূহ ৰূপায়ন কৰা।
    • মীন আৰু মীন বিষয় সম্বন্ধীয় অধ্যয়ন আৰু গৱেষণাক্ষেত্ৰ চিনাক্ত কৰা আৰু ইয়াৰ প্ৰচাৰ কৰা যাতে ইয়াৰ লাভ তৃণমূল পৰ্য্যায়ৰ ব্যৱহাৰকাৰী সকলে লাভ কৰিব পাৰে।
    • মত্স্য কৃষি আৰু ইয়াৰ আনুসাংগিক উদ্যোগ/কাৰ্য্যক্ৰমৰ বিকাশৰ বাবে সঠিক পৰিকল্পনা কৰিবলৈ পৰ্য্যাপ্ত/প্ৰাসংগিক পৰিসংখ্যা আৰু অন্যান্য তথ্য সমূহ সংগ্ৰহ, বিশ্লেষণ আৰু উপলব্ধ কৰা।
    • মীন আৰু ইয়াৰ আনুসাংগিক উদ্যোগ সম্বন্ধীয় প্ৰতিবেদন আৰু প্ৰকল্প প্ৰস্তুতকৰণৰ ক্ষেত্ৰত সহায়তা আগবঢ়োৱা।
    • মত্স্য কৃষক/মাছমৰীয়া আৰু মীনৰ উদ্যমী সকলক প্ৰসাৰকৰণৰ সেৱা প্ৰদান কৰা।

    ৰাষ্ট্ৰ সংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্য(এছ.ডি.জি.) আত্ম নিৰ্ভৰশীলতা অনুসৰি আৰু লগতে ৰপ্তানীকৰণৰ বাবে অতিৰিক্ত মত্স্য উত্পাদনৰ বাবেও মীন খণ্ডৰ উন্নয়নৰ বাবে বিভাগে বিভিন্ন পদক্ষেপ হাতত লৈছে।