মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মীন

আঁচনিসমূহ

  • ৰাজ্যৰ অধীনষ্ঠ অগ্ৰাধিকাৰ উন্নয়ন আঁচনি (এছ.অ.পি.ডি.) ২০১৭-১৮ৰ অধীনষ্ঠ মূল আঁচনি সমূহ আৰু ইয়াৰ ৰূপায়ন পৰামৰ্শাৱলী

    “মত্স্য জাগৰণ-ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ”

    নিম্নোল্লেখিত উপাদন সমূহৰ সৈতে এই আঁচনি ৰূপায়ন কৰা হব:

    1. ১-এ. ব্যক্তিগত নতুন পুখুৰী নিৰ্মাণ(সাধাৰণ আৰু এছ.চি.এছ.পি.)
    2. ১-বি. ২০১৭-১৮বৰ্ষৰ নতুন ব্যক্তিগত পুখুৰীৰ বাবে ইনপুত(সাধাৰণ আৰু এছ.চি.এছ.পি.)
    3. ১-চি. ২০১৬-১৭বৰ্ষত নিৰ্মাণ কৰা ব্যক্তিগত পুখুৰীৰ বাবে ইনপুত(সাধাৰণ আৰু এছ.চি.এছ.পি.)

    ১-এ. ব্যক্তিগত নতুন পুখুৰী নিৰ্মাণ(সাধাৰণ আৰু এছ.চি.এছ.পি.)

    উদ্দেশ্যাৱলী:

    • মত্স্য কৃষি ক্ষেত্ৰৰ সম্প্ৰসাৰণ
    • মাছৰ উত্পাদন বৃদ্ধি কৰা
    • গ্ৰাম্যাঞ্চলৰ লোকৰ আৰ্থ-সামাজিক উন্নয়ন সাধন কৰা
    • আত্মনিয়োগৰ পথ মুকলি কৰা

    এককে প্ৰতি খৰচৰ পৰিমাণ আৰু অংশীদাৰিত্বৰ আৰ্হি:

     

    এককে প্ৰতি খৰচৰ পৰিমাণচৰকাৰৰ অংশহিতাধিকাৰীৰ অংশ

    অসামৰিক নিৰ্মাণঃ

    হেক্টৰে প্ৰতে ৭ লাখ টকাৰ উৰ্দ্ধসীমাযুক্ত সঠিক খৰচ অনুসৰি

    হেক্টৰে প্ৰতে ৬.৩০লাখ টকাৰ উৰ্দ্ধসীমাযুক্ত, ৯০শতাংশ

    ১০শতাংশ, অৰ্থাত্ হেক্টৰে প্ৰতি ০.৭০লাখ টকা

    ইনপুতঃ

    হেক্টৰে প্ৰতে ১.৫০লাখ টকাৰ উৰ্দ্ধসীমাযুক্ত সঠিক খৰচ অনুসৰি

    হেক্টৰে প্ৰতে ১.৩৫লাখ টকাৰ উৰ্দ্ধসীমাযুক্ত, ৯০শতাংশ

    ১০শতাংশ, অৰ্থাত্ হেক্টৰে প্ৰতি ০.১৫লাখ টকা

     

    ১-বি. ২০১৭-১৮চনৰ ব্যক্তিগত নতুন পুখুৰীৰ বাবে ইনপুত (সাধাৰণ আৰু এছ.চি.এছ.পি.)

    • ২০১৭-১৮বৰ্ষত কোনো ইনপুত খৰচ প্ৰদান কৰা নহবও পাৰে।২০১৮-১৯বৰ্ষত প্ৰয়োজনীয় মঞ্জুৰীৰ সৈতে সম্বন্ধিত, বাজেটত উল্লেখ থকা সুবিধা আৰু পূঁজিৰ উপলব্ধতা, ওপৰত উল্লেখ থকা অংশীদাৰীত্বৰ আৰ্হি অনুসৰি ইনপুত খৰচ প্ৰদান কৰা হব পাৰে। অন্যথা হিতাধীকাৰী সকলে মত্স্য কৃষিৰ বাবে নিজে এই ইনপুত খৰচ বহন কৰিবলগীয়া হব পাৰে।
    • ইনপুত খৰচৰ বিষয়ে, যদিহে মঞ্জুৰ কৰা হয়, সময়মতে ডি.এফ.ডি.ও.ক জনায় দিয়া হব। চৰকাৰী অংশ হিচাপে প্ৰদান কৰিবলগীয়া ইনপুত সমূহৰ অধিক্ৰয় চৰকাৰী অধিনিয়ম আৰু ব্যৱস্থা অনুসৰি হোৱাটো বাঞ্চনীয়।

    ১-চি. ২০১৬-১৭চনত ব্যক্তিগত নতুন পুখুৰী নিৰ্মাণৰ বাবে ইনপুত (সাধাৰণ আৰু এছ.চি.এছ.পি.)

    উদ্দেশ্যাৱলী:

    • মত্স্য কৃষি ক্ষেত্ৰৰ সম্প্ৰসাৰণ
    • মাছৰ উত্পাদন বৃদ্ধি কৰা
    • গ্ৰাম্যাঞ্চলৰ লোকৰ আৰ্থ-সামাজিক উন্নয়ন সাধন কৰা
    • আত্মনিয়োগৰ পথ মুকলি কৰা

    এককে প্ৰতি খৰচৰ পৰিমাণ আৰু অংশীদাৰিত্বৰ আৰ্হি:

     

    এককে প্ৰতি খৰচৰ পৰিমাণচৰকাৰৰ অংশহিতাধিকাৰীৰ অংশ

    অসামৰিক নিৰ্মাণ

    হেক্টৰে প্ৰতে ৭লাখ টকাৰ উৰ্দ্ধসীমাযুক্ত সঠিক খৰচ অনুসৰি

    হেক্টৰে প্ৰতে ৬.৩০লাখ টকাৰ উৰ্দ্ধসীমাযুক্ত, ৯০শতাংশ

    ১০শতাংশ, অৰ্থাত্ হেক্টৰে প্ৰতি ০.৭০লাখ টকা

    ইনপুতঃ

    হেক্টৰে প্ৰতে ১.৫০লাখ টকাৰ উৰ্দ্ধসীমাযুক্ত সঠিক খৰচ অনুসৰি

    হেক্টৰে প্ৰতে ১.৩৫লাখ টকাৰ উৰ্দ্ধসীমাযুক্ত, ৯০শতাংশ

    ১০শতাংশ, অৰ্থাত্ হেক্টৰে প্ৰতি ০.১৫লাখ টকা

    বিধান বেংক কাৰ্য্যক্ৰম

    1. এটা পলকতে
    2. মত্স্য বিধান প্ৰতিপালনৰ বাবে নতুন ব্যক্তিগত পুখুৰী নিৰ্মাণ
    3. যোগ্যতাৰ মাপকাঠী

    এটা পলকতে

    • কৃষক সকলক উচ্চ মানৰ মত্স্য বিধান যোগান ধৰিবৰ বাবে মীন মহল বিভাগে ৰাজ্যত এক ‘মত্স্য বিধান বেংক’ প্ৰকল্প ৰূপায়ন কৰি আছে।
    • এই উদ্দেশ্যে ভাৰত চৰকাৰক এক মত্স্য বিধান কৰ্ম পৰিকল্পনাও প্ৰস্তুত কৰি প্ৰদান কৰা হৈছে।
    • উপযুক্ত ভূমিত প্ৰতিপালন পুখুৰী/টেংক নিৰ্মাণৰ জৰিয়তে বিধান প্ৰতিপালনৰ বাবে ইচ্ছুক ব্যক্তিগত যুৱক/কৃষক/প্ৰতিপালকক লক্ষ্য কৰি ‘মত্স্য বিধান বেংক কাৰ্য্যক্ৰম’ৰ অধীনত থুপ ভিত্তিত বিধান প্ৰতিপালন ক্ষেত্ৰ বিকাশৰ বাবেও ২০১৭-১৮বৰ্ষত প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
    • মাছৰ পোনাৰ ভিত্তিত ৰাজ্যৰ অগ্ৰাধিকাৰপ্ৰাপ্ত জিলা কেইখনত ২০১৭-১৮বৰ্ষৰ বাবে মুঠ ২৯হেক্টৰ এলেকা পৰিকল্পনা কৰা হৈছে।
    • কৃষি জলবায়ুমণ্ডলত২০১৫-১৬ আৰু ২০১৬-১৭ বৰ্ষত মাছৰ পোনা উত্পাদন ক্ষেত্ৰত উন্নত প্ৰদৰ্শন আগবঢ়োৱা জিলা কেইখনক লক্ষ্য কৰি লোৱা হৈছে।

    মত্স্য বিধান প্ৰতিপালনৰ বাবে নতুন ব্যক্তিগত পুখুৰী নিৰ্মাণ

    উদ্দেশ্যাৱলী:

    • মত্স্য উত্পাদন বৃদ্ধিৰ উদ্দেশ্যৰে মাছৰ সৰু পোনাৰ ৰূপত মত্স্য বিধান সমূহ উপলব্ধ কৰোৱা।
    • মত্স্য বিধান প্ৰতিপালন ক্ষেত্ৰৰ সম্প্ৰসাৰণ ঘটোৱা।
    • গ্ৰাম্যাঞ্চলৰ লোকৰ আৰ্থ-সামাজিক উন্নয়ন সাধন কৰা।
    • আত্মনিয়োগৰ সুবিধা সৃষ্টি কৰা।

    এককে প্ৰতি খৰচৰ পৰিমাণ আৰু অংশীদাৰিত্বৰ আৰ্হি

     

    এককে প্ৰতি খৰচৰ পৰিমাণচৰকাৰৰ অংশহিতাধিকাৰীৰ অংশ

    অসামৰিক নিৰ্মাণ

    হেক্টৰে প্ৰতে ৬লাখ টকাৰ উৰ্দ্ধসীমাযুক্ত সঠিক খৰচ অনুসৰি

    হেক্টৰে প্ৰতে ৫.৪০লাখ টকাৰ উৰ্দ্ধসীমাযুক্ত, ৯০শতাংশ

    ১০শতাংশ, অৰ্থাত্ হেক্টৰে প্ৰতি ০.৬০লাখ টকা

    ইনপুতঃ

    হেক্টৰে প্ৰতে ১.৫০লাখ টকাৰ উৰ্দ্ধসীমাযুক্ত সঠিক খৰচ অনুসৰি

    হেক্টৰে প্ৰতে ১.৩৫লাখ টকাৰ উৰ্দ্ধসীমাযুক্ত, ৯০শতাংশ

    ১০শতাংশ, অৰ্থাত্ হেক্টৰে প্ৰতি ০.১৫লাখ টকা

     

    টোকাঃ ২০১৭-১৮বৰ্ষত কোনো ইনপুত খৰচ প্ৰদান কৰা নহবও পাৰে।২০১৮-১৯বৰ্ষত প্ৰয়োজনীয় মঞ্জুৰীৰ সৈতে সম্বন্ধিত, বাজেটত উল্লেখ থকা সুবিধা আৰু পূঁজিৰ উপলব্ধতা, ওপৰত উল্লেখ থকা অংশীদাৰীত্বৰ আৰ্হি অনুসৰি ইনপুত খৰচ প্ৰদান কৰা হব পাৰে। অন্যথা হিতাধীকাৰী সকলে মত্স্য কৃষিৰ বাবে নিজে এই ইনপুত খৰচ বহন কৰিবলগীয়া হব পাৰে।

    যোগ্যতাৰ মাপকাঠী

    তলত উল্লেখ কৰা অতিৰিক্ত বিষয় সমূহৰ সৈতে ওপৰোক্ত ক্ৰমিক নং ১-এত উল্লেখ কৰা অনুসৰি

    • উত্কৃষ্ট ৰূপত মাছৰ সৰু পোনা উত্পাদন কৰা অঞ্চল হিচাপে লক্ষ্যস্থিত এলেকাৰ ভিতৰত থূপ ভিত্তিত বিকশিত হবলৈ
    • পূৰ্ণ মত্স্য কৃষক আৰু লগতে মত্স্য বিধান প্ৰতিপালন কৰাৰ ক্ষেত্ৰত অভিজ্ঞতা থকা সকলক অগ্ৰাধিকাৰ প্ৰদান কৰা হব

    মাজুলী উন্নয়ন কাৰ্য্যক্ৰম

    1. ৩-এঃ মত্স্য বিধান প্ৰতিপালনৰ বাবে নতুন ব্যক্তিগত পুখুৰী নিৰ্মাণ
    2. ৩-বিঃ বৰ্তি থকা পুখুৰীত মত্স্য ও গাহৰি পালন

    ৩-এঃ মত্স্য বিধান প্ৰতিপালনৰ বাবে নতুন ব্যক্তিগত পুখুৰী নিৰ্মাণ

    ওপৰোক্ত ক্ৰমিক নং ২ত উল্লেখ কৰা অনুসৰি

    ৩-বিঃ বৰ্তি থকা পুখুৰীত মত্স্য ও গাহৰি পালন

    উদ্দেশ্যাৱলী:

    • আয় বৃদ্ধিৰ বাবে উপলব্ধ এলেকাৰ উপযুক্ত ব্যৱহাৰ
    • মত্স্য উতপাদনৰ লগতে গাহৰিৰ দৰে বৈচিত্ৰ উত্পাদৰ উত্পাদন বৃদ্ধি কৰা
    • গ্ৰম্যাঞ্চলৰ লোকৰ আৰ্থ-সামাজিক উন্নয়ন সাধন কৰা
    • আত্মনিয়োগৰ সুবিধা সৃষ্টি কৰা

    এককে প্ৰতি খৰচৰ পৰিমাণ আৰু অংশীদাৰিত্বৰ আৰ্হি:

     

    এককে প্ৰতি খৰচৰ পৰিমাণচৰকাৰৰ অংশহিতাধিকাৰীৰ অংশ

    অসামৰিক নিৰ্মাণ*:

    হেক্টৰে প্ৰতে ৫লাখ টকাৰ উৰ্দ্ধসীমাযুক্ত সঠিক খৰচ অনুসৰি

    হেক্টৰে প্ৰতে ৪.৫০লাখ টকাৰ উৰ্দ্ধসীমাযুক্ত, ৯০শতাংশ

    ১০শতাংশ, অৰ্থাত্ হেক্টৰে প্ৰতি ০.৫০লাখ টকা

    ইনপুত#:

    হেক্টৰে প্ৰতে ২.৫০লাখ টকাৰ উৰ্দ্ধসীমাযুক্ত সঠিক খৰচ অনুসৰি

    হেক্টৰে প্ৰতে ২.২৫লাখ টকাৰ উৰ্দ্ধসীমাযুক্ত, ৯০শতাংশ

    ১০শতাংশ, অৰ্থাত্ হেক্টৰে প্ৰতি ০.২৫লাখ টকা

    * পুখুৰী উন্নতকৰণ/মেৰামতি/প্ৰস্তুতি আৰু গাহৰি গঁড়াল নিৰ্মাণ আদিবোৰ অসামৰীক নিৰ্মাণৰ অন্তৰ্গত।
    # মত্স্য কৃষি আৰু গাহৰি পালনৰ ইনপুতৰ অন্তৰ্গত

    টোকা: ২০১৭-১৮বৰ্ষত কোনো ইনপুত খৰচ প্ৰদান কৰা নহবও পাৰে। ২০১৮-১৯বৰ্ষত প্ৰয়োজনীয় মঞ্জুৰীৰ সৈতে সম্বন্ধিত, বাজেটত উল্লেখ থকা সুবিধা আৰু পূঁজিৰ উপলব্ধতা, ওপৰত উল্লেখ থকা অংশীদাৰীত্বৰ আৰ্হি অনুসৰি ইনপুত খৰচ প্ৰদান কৰা হব পাৰে। অন্যথা হিতাধীকাৰী সকলে মত্স্য কৃষিৰ বাবে নিজে এই ইনপুত খৰচ বহন কৰিবলগীয়া হব পাৰে।

    গাহৰি পালন আৰু উন্নত গাহৰি সংকৰণৰ বাবে ডি.এফ.ডি.ও.ই পশুপালন আৰু পশু চিকিত্সা বিভাগৰ সংশ্লিষ্ট বিষয়াৰ সৈতে পৰামৰ্শ কৰাৰ প্ৰয়োজন।

    মত্স্য মিত্ৰৰ বাচনি

    ২০১৬-১৭বৰ্ষত জড়িত কৰোৱা মত্স্য মিত্ৰ সকলে একে পৰামৰ্শাৱলী অথবা পদ্ধতিৰেই কৰ্ম কৰি যাব। কিন্তু যিসকল মত্স্য মিত্ৰই(২০১৬-১৭) সন্তুষ্টজনক প্ৰদৰ্শন কৰা নাই বা বিভাগ অথবামত্স্য কৃষক সকলৰ সৈতে সঠিক সম্পৰ্ক ৰক্ষা কৰা নাই তেনেহলে মীন মহল বিভাগৰ সঞ্চালকক অৱগত কৰি তেঁওলোকৰ মত্স্য মিত্ৰৰ মৰ্য্যদা কৰ্তন কৰা হব। এনে ক্ষেত্ৰত ২০১৬-১৭চনত গ্ৰহণ কৰা বাচনি প্ৰক্ৰিয়াৰ দৰেই প্ৰতিস্থাপন কৰা হব।

    হিতাধিকাৰীৰ প্ৰশিক্ষণ

    • ২০১৬-১৭ আৰু ২০১৭-১৮ চনত বাচনি কৰা হিতাধিকাৰী সকলক এক হ্ৰস্ৰকালীন প্ৰশিক্ষণ প্ৰদান কৰা হব। উল্লেখ কৰিবলগীয়া যে অনুমোদিত পৰিমাণৰ সৈতে খাপ-খোৱাকৈ হিতাধিকাৰী হিচাপে বাচনি নোহোৱা ইচ্ছুক কৃষককো এনে প্ৰশিক্ষণৰ বাবে আমন্ত্ৰণ কৰা হয়।
    • চৰকাৰে অনুমোদন জনোৱা পৰিমাণৰ সৈতে খাপ-খোৱাকৈ চৰকাৰী অধিনিময়ৰ অধীনত সুবিধাজনক স্থানত ক্ষেত্ৰভিত্তিক প্ৰশিক্ষণ প্ৰদান কৰা হয়।

    মূল্য সংযোজিত মত্স্য উত্পাদনৰ বাবে মহিলা আত্ম সহায়ক গোট সমূহক সহায়তা প্ৰদান কৰা

    উদ্দেশ্যাৱলী:

    • মীনৰঅধীনত কৃষিৰ পৰৱৰ্তী পৰ্য্যায়ত উদ্যমীয়তাৰ সুবিধা প্ৰদান কৰা
    • মহিলা সৱলীকৰণ
    • মূল্য সংযোজিত মত্স্য সামগ্ৰীৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা।
    Downloads
    আঁচনিসমূহ
    TitleSizeDetail
    Information on Schemes583.52 KBswf-image