মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মীন

মীনৰ নিষ্পত্তি

সংজ্ঞা

এই নিয়ম অনুসৰি যেতিয়ালৈ কোনো বিষয় সন্দৰ্ভত প্ৰতিকুলতা নাথাকে-

  • অসম ভূমি আৰু ৰাজহ অধিনিয়ম, ১৮৮৬ৰ ১৬নং ধাৰাৰ অধীনত জাৰি কৰা ঘোষণা অনুসৰিহে কোনো জলাঞ্চলক মীন মহল হিচাপে গণ্য কৰা হয়।
  • বৰ্ষ মানে হৈছে প্ৰথম এপ্ৰিলৰ পৰা ৩১মাৰ্চলৈ সম্পূৰ্ণ ১২টা মাহ।

মীনৰ পঞ্জীকৰণ

সকলো জিলা, মহকুমাৰ বিষয়া সকলে অসম ভূমি আৰু ৰাজহ অধিনিয়ম, ১৮৮৬ হস্তপুথি, দ্বিতীয় ভলিউমৰ ৯৭নং প্ৰ-পত্ৰৰ জৰিয়তে চৰকাৰী মীনসমূহৰ এক পঞ্জীয়ক ৰখাটো বাধ্যতামূলক আৰু চৰকাৰৰ আগতীয়া মঞ্জুৰী অবিহনে মীনৰ সংযোগ বা বিসংযোগ অথবা মীনৰ সীমা নিৰ্ধাৰণ সন্দৰ্ভত পঞ্জীয়ক সাল-সলনি কৰাটো অসম্ভৱ।

মীন মহল বিক্ৰীৰ প্ৰক্ৰিয়া

  • সদৰ মহকুমাৰ ক্ষেত্ৰত জিলা উপায়ুক্ত বা অতিৰিক্ত জিলা উপায়ুক্ত আৰু মহকুমাৰ ক্ষেত্ৰত মহকুমাধিপতিয়ে চলিত বৰ্ষৰ শেষ তাৰিখত লীজৰ ম্যাদ সমাপ্ত হবলগীয়াঅথবা অধিনয়ম-৯ অনুসৰি বিগত বৰ্ষত বিক্ৰীৰ কৰাৰ ক্ষেত্ৰত সংৰক্ষিত কৰি ৰখা পঞ্জীকৃত চৰকাৰী মীন মহল সমূহৰ বিক্ৰীৰ বাবেপ্ৰতিবছৰে এটা তাৰিখ নিৰ্ধাৰণ কৰা হয় যি এক জানুৱাৰীৰ পূৰ্বৰ তাৰিখ সমূহৰ মাজৰ পৰা বাচি উলিওৱা হয়।জিলা উপায়ুক্ত বা অতিৰিক্ত জিলা উপায়ুক্ত অথবা মহকুমাধিপতি সকলে কমেও এমাহ পূৰ্বে অসম ভূমি আৰু ৰাজহ অধিনিয়ম, ১৮৮৬ হস্তপুথি, দ্বিতীয় ভলিউমৰ ১০১নং প্ৰ-পত্ৰৰ জৰিয়তেএই তাৰিখ নিৰ্ধাৰণ কৰে। এই জাননীত মীনৰ নাম, ইয়াৰ মৌজা আদিবোৰ উল্লেখ থাকিব যত মীন মহলটো অৱস্থিত আৰু লগতে ইয়াৰ চিনাক্তকৰণ সম্বন্ধীয় সকলো প্ৰয়োজনীয় তথ্য এই জাননীত উল্লেখ থাকিবঃলগতে উল্লেখ থাকিব বিগত বৰ্ষত বিক্ৰী কৰা ইয়াৰ মূল্য আৰু ম্যাদৰ বিষয়ে, যি সময়ৰ কাৰণে ইয়াক বিক্ৰী কৰা নহয়, তাৰিখ, স্থান আৰু বিক্ৰীৰ চৰ্তাৱলী সমূহ। এই জাননীৰ বিষয়বস্তু সমূহৰ বিষয়ে মীনৰ সমীপত থকা কোনো বজাৰত সম্ভৱপৰ হলে ধোল বজাই ৰাইজক অৱগত কৰাও হয়।
  • তালিকা পাঠ-২
  • সদৰ মহকূমাৰ মীন মহল সমূহ জিলা উপায়ুক্ত বা অতিৰিক্ত জিলা উপায়ুক্ত সকলে বা নহলে এওলোকৰ দ্বাৰা কৰ্তৃত্ব প্ৰদান কৰিলে সংশ্লিষ্ট মহকুমাধিপতি সকলে বিক্ৰী কৰিব পাৰে। সংশোধিত অসম ভূমি ৰাজহ নিয়মাৱলী ভলিউম-২ৰ ফৰ্ম নং. ১০১ত লিখিত জাননীৰ দ্বাৰা কমেও এক মাহৰ আগতে বিক্ৰীৰ তাৰিখ নিৰ্দ্ধাৰণ কৰাৰ প্ৰক্ৰিয়া উল্লেখ্য কৰিব লাগিব, ইয়াৰ পাছত ১৯৭১-৭২ বৰ্ষৰ কাৰণে এই ধৰণৰ মীন বিক্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য নহব।

বিক্ৰীৰ চৰ্তাৱলী

তলত উল্লেখ কৰা চৰ্তাৱলী সমূহ জাননীত উল্লেখ কৰা থাকিব আৰু বিক্ৰীৰ পূৰ্বেও পঢ়ি শুনোৱা হব।

  • যি গৰাকী বিষয়াই এই বিক্ৰী প্ৰক্ৰিয়া পৰিচালনা কৰিব তেঁও উচ্চ দৰৰ নিবিদা বা আন নিবিদা গ্ৰহণ কৰিবলৈ বাধ্য নহয়।
  • মীন মহল বিক্ৰীৰ চৰ্তাৱলীঃ কাচাৰ জিলাৰ মায়মাল সম্প্ৰদায়ৰ সদস্য বা অনুসূচীত জাতিৰ অন্তৰ্গত প্ৰকৃত মাছমৰীয়া সদস্যৰ বাহিৰেও অন্য সম্প্ৰদায়ৰ দ্বাৰা গঠিত সমবায় সমিতিকে ধৰি যি কোনো নিবিদা।
  • ৰাজ্যৰ অনুসূচীত জাতিৰ অন্তৰ্গত প্ৰকৃত মাছমৰীয় অথবা কাচাৰ জিলাৰ ময়মাল সম্প্ৰদায়ৰ সদস্যৰ ১০০শতাংশ অংশীদাৰিত্ব থকাঅসম সমবায় সমিতি আইন, ১৯৪৯ৰ অধীনত পঞ্জীকৃত মীন মহল সমবায় সমিতি হোৱাটো বাঞ্চনীয়।
  • যদিহে ক্ৰয় কৰোতাইবিক্ৰীৰ এক মাহৰ ভিতৰত এই বিক্ৰী কাৰ্য্যকৰী কৰাত বিফল হয় তেনেহলে মীন মহলটো তেঁওৰ দায়িত্বত পুনৰ বিক্ৰী কৰা হব আৰু ইয়াৰ লগতে তেঁও সম্পূৰ্ণ ম্যাদৰ নিষ্পত্তিৰ হিচাপ উলিয়াব।
Downloads
TitleSizeDetail
Compilation of Settlement of beels 28.07.2017.pdf407.52 KBswf-image
Settlement of Fisheries