মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মীন

মত্স্য জাগৰণঃ ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ

 

মূল উদ্দেশ্য:

  • মত্স্য পালক সকলক পুষ্টিকতা আৰু জীৱিকাৰ সহায় প্ৰদান কৰা
  • নিয়োগ সৃষ্টি
  • মত্স্য উত্পাদন বৃদ্ধিৰ জৰিয়তে অসমক ২০২০-২১ চনৰ পূৰ্বে মত্স্য উত্পাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তোলা
  • মীন মহলৰ জৰিয়তে গ্ৰাম্যাঞ্চলৰ মহিলা সকলক সৱলীকৰণ কৰা

বিত্তীয় সম্পদসমূহ:

  • ৰাজ্যিক পৰিকল্পনা
  • নীল বিপ্লৱ (জি.ও.আই.)
  • আৰ.আই.ডি.এফ.
  • চি.এম.এছ.জি.ইউ.ওৱাই. ইত্যাদি

প্ৰধান উপাদন সমূহঃ:

  • এক বিঘা ভূমি(০.১৪ হেক্টৰ) আগুৰি একোটাকৈ ব্যক্তিগত পুখুৰী নিৰ্মাণ কৰা
  • ৭.৫ বিঘা ভূমি(১.০হেক্টৰ) আগুৰি একোটাকৈ ৰাজহুৱা পুখুৰী নিৰ্মাণ কৰা

ৰূপায়নৰ স্থিতি

  • ২০১৬-১৭ বৰ্ষত (ৰূপায়ন কৰা):
    1. নীল বিপ্লৱঃ ১৫০ হেক্টৰ ভূমিৰ ব্যক্তিগত পুখুৰী আৰু ৩০ হেক্টৰ ভূমিৰ ৰাজহুৱা পুখুৰীৰ বিকাশ।
    2. ৰাজ্যিক পৰিকল্পনাঃ ৬৪ হেক্টৰ ভূমিৰ নতুন ব্যক্তিগত পুখুৰীৰ বিকাশ
  • ২০১৭-১৮ বৰ্ষত (লক্ষ্যস্থিত)
    1. ৰাজ্যিক পৰিকল্পনাঃ ৬৩ হেক্টৰ ভূমিৰ নতুন ব্যক্তিগত পুখুৰীৰ বিকাশ
    2. আৰ.আই.ডি.এফঃ ১০০০ হেক্টৰ ভূমিৰ ব্যক্তিগত পুখুৰী আৰু ৩৭৫ হেক্টৰ ভূমিৰ ৰাজহুৱা পুখুৰীৰ বিকাশ
    3. আঁচনি ৰূপায়নৰ জৰিয়তে ৭০০০ হেক্টৰতকৈও অধিক ভূমিত ব্যক্তিগত পুখুৰী আৰু কমেও ৩৭৫ হেক্টৰ ভূমিত গ্ৰাম্য ৰাজহুৱা পুখুৰীৰ আন্তগাঠনী নিৰ্মাণ কৰা হব যাৰ জৰিয়তে ১০,০০০ তকৈও অধিক পৰিয়াল লাভান্বিত হব।

জাইকা প্ৰকল্প (অসম মীন মহল উন্নয়ন আৰু জীৱিকা প্ৰকল্প) ৰূপায়নৰ পথত:

  • মুঠ প্ৰকল্প খৰচঃ ৩,৩৯১.৫০ কোটি টকা
  • ম্যাদঃ নিৰ্ধাৰিত মূল সময় ৩ বছৰ যাক ৫ বছৰলৈ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে
  • ডনাৰ মন্ত্ৰালয়, কৃষি আৰু খেতিয়ক কল্যাণ, গৃহ বিভাগ, নীতি আয়োগ, বৈদেশীক মন্ত্ৰালয় আৰু বিত্তীয় পৰিক্ৰমা বিভাগৰ পৰা ইতিম্যধে অনুমোদন লাভ কৰা হৈছে
  • জাইকাৰ ৰোলিং পৰিকল্পনাৰ অন্তৰ্ভুক্ত কৰা হৈছে
  • প্ৰস্তাৱিত কাৰ্য্যক্ৰম:
    1. এক হেক্টৰ আকাৰৰ মুঠ ১০০০০ ৰাজহুৱা পুখুৰী নিৰ্মানঃ মুঠ পুখুৰী -১০,০০০
    2. গঢ়ে এক বিঘা আকাৰৰ ২৮,০০০ হেক্টৰ ভূমিত ব্যক্তিগত পুখুৰী নিৰ্মানঃ মুঠ পুখুৰীৰ সংখ্যা ২.০ লাখ (আনুমানিক)
    3. এই প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পাছত অতিৰিক্ত ভাৱে প্ৰায় ১১৪,০০০ টন মত্স্য উত্পাদন হব আৰু ২০২০-২১ বৰ্ষৰ ভিতৰত অসম মত্স্য উত্পাদন ক্ষেত্ৰত এখন আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে গঢ় লৈ উঠিব।
Matsya-Jagaran