মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মীন

এফ.এম.এছ.-চি.এম.এছ.জি.ইউ.ওৱাই.

মীন অভিযান সমিতিৰ পটভূমি (এফ.এম.এছ.-চি.এম.এছ.জি.ইউ.ওৱাই.)

ভাৰতবৰ্ষৰ ৭৫সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ২০১৬-১৭বৰ্ষত আৰম্ভ হৈ ২০২১-২২বৰ্ষত অন্ত পৰাকৈ মুখ্য মন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনানামেৰেপাঁচ বছৰীয়া এক বৃহত্ অভিযান গ্ৰহণ কৰিব বুলি মাননীয় বিত্ত মন্ত্ৰীয়ে ২০১৬ চনৰ ২৬ জুলাই তাৰিখে নিজ বাজেট ভাষণত উল্লেখ কৰে। ইয়াৰ মুখ্য উদ্দেশ্য হৈছে কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰা, যি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এক অগ্ৰাধিকাৰপ্ৰাপ্ত লক্ষ্য। কৃষকৰ উপাৰ্জন দুগুণলৈ বৃদ্ধি কৰাৰ লক্ষ্যত উপনিত হোৱাৰ ক্ষেত্ৰত বৃহত্ অভিযানৰ সৈতে ইয়াৰ পৰ্য্যবেক্ষণ আৰু নেতৃত্বৰ অধীনত সমন্বয় ৰক্ষা কৰি মীন অভিযানে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰিব।

কামৰ ক্ষেত্ৰঃ-

সমগ্ৰ ৰাজ্যতে সমিতিৰ ক্ষেত্ৰ সম্প্ৰসাৰণ কৰা হব।

উদ্দেশ্যাৱলীঃ-

১. ভাৰতৰ ৭৫সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ২০২১-২২চনৰ ভিতৰত অসমৰ কৃষক সকলৰ উপাৰ্জন দুগুণলৈ বৃদ্ধি কৰাৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত অৰিহণা যোগোৱা।

২. বিজ্ঞানসন্মত পদ্ধতিৰেফলপ্ৰসূভাৱে সম্পদ ব্যৱহাৰৰ জৰিয়তে বৰ্তমানে উপলব্ধ জলজ সম্পদৰ উন্নয়ন সাধন কৰা আৰু লগতে বৈজ্ঞানীক পদ্ধতিৰে বৃহত পৰিমাণে মত্স্য উত্পাদন কৰিবলৈ অতিৰিক্ত জলীয় ক্ষেত্ৰ প্ৰস্তুত কৰি তোলা।

৩. উন্নত মানৰ মাছৰ বিধান উত্পাদন কৰি ইয়াক মত্স্য কৃষকৰ ঘৰে ঘৰে উপলব্ধ কৰোৱা আৰু ইয়াৰ জৰিয়তে ২০২২চনৰ ভিতৰত অসমক উন্নত মানৰ সৰু পোণা উত্পাদনৰ ক্ষেত্ৰত আত্ম-নিৰ্ভৰশীল কৰি তোলা।

৪. অংশীদাৰ সংগঠনবোৰৰ সহায় আৰু অংশগ্ৰহণৰ জৰিয়তে অংশীদাৰ সকলৰ ক্ষমতা বৰ্ধন কৰাকে ধৰি এই সকলক কাৰিকৰী সাহাৰ্য্য আৰু প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰি দেশীয়, দুষ্প্ৰাপ্য আৰু স্থানীয় মাছৰ প্ৰজাতি সমূহৰ সংৰক্ষণ কৰা।

মীন অভিযান সমিতিৰ কাৰ্য্যাৱলীঃ-

১. বৃহত্ অভিযান সমিতি-চি.এম.এছ.জি.ইউ.ওৱাই.ৰ পৰ্য্যবেক্ষণ, পৰামৰ্শ আৰু নেতৃত্বৰ অধীনত সকলো উপলব্ধ সমল ব্যৱহাৰ কৰি ২০২১-২২ৰ ভিতৰত মত্স্য কৃষকৰ উপাৰ্জন দুগুণলৈ বৃদ্ধি কৰাৰ দিশত চেষ্টাকৰা।

২. চি.এম.এছ.জি.ইউ.ওৱাই.ৰ অধীনষ্ঠ অভিযানৰ লক্ষ্য সমূহত উপনীত হবলৈ বেচৰকাৰী অনুষ্ঠানকে ধৰি চৰকাৰী বিভাগ, স্বায়ত্ব শাসিত অনুষ্ঠান/শৈক্ষিক প্ৰতিষ্ঠানৰ সহযোগত মীন মহল বিভাগৰ অংশগ্ৰহণেৰে(যত ব্যক্তিগত অভিযান বাহাল থাকে) উপযুক্ত সৱলীকৃত প্ৰৱন্ধন ব্যৱস্থাৰ সৃষ্টি কৰা।

৩. সংশ্লিষ্ট ক্ষেত্ৰলৈউদ্ভাৱনীয়তা আৰু নতুন কৌশল কঢ়িৱাই অনা যাতে ফলপ্ৰসু ৰূপায়ন সম্ভৱ হৈ পৰে।

৪. অভিযানৰ বাবে পৰ্য্যাপ্ত উত্পাদন সুনিশ্চিত কৰিবলৈ এম.এম.এছ.-চি.এম.এছ.জি.ইউ.ওৱাই. আৰু লগতে অন্য বিভাগ সমূহৰ পৰা আৱন্টন দিয়া সম্পদৰ সৈতে অংশগ্ৰহণকাৰী বিভাগ সমূহৰ অধীনষ্ঠ বিভিন্ন সংস্থাই ৰূপায়ন কৰি থকা আঁচনি সমূহৰ মাজত ঐক্যতা বজাই ৰখা।

৫. চি.এম.এছ.জি.ইউ.ওৱাই.ৰ কাৰ্য্য সমূহৰ সম্পুৰ্ণ কৰিবলৈ প্ৰয়োজন অনুসাৰে দক্ষ্য মানৱ-সম্পদৰ ব্যৱহাৰ কৰা, খণ্ড অভিযান দলক কাৰিকৰী সহায়তা প্ৰদান কৰা, প্ৰয়োজনীয় তথ্য যোগান ধৰা আৰু পৰামৰ্শ আদি প্ৰদান কৰা।

৬. আনুসাংগিক ক্ষেত্ৰত খণ্ড অভিযান/গ্ৰাম্য স্তৰৰ কাৰ্য্যক্ৰম ৰূপায়ন দলক প্ৰশিক্ষণ প্ৰদান কৰা।

৭. বছৰৰ আৰম্ভণিতে অথবাখণ্ড অভিযানৰ পৰা পি.আই.পি.(প্ৰকল্প ৰূপায়ন পৰিকল্পনা) লাভ কৰাৰ পাছতে বাৰ্ষিক কাৰ্য্যকৰী পৰিকল্পনা প্ৰস্তুত কৰা আৰু এই পৰিকল্পনা বিবেচনাৰ বাবে বৃহত্ অভিযান সমিতিক প্ৰদান কৰা।

৮. এই অভিযান সফল কৰি তুলিবলৈ ব্যাপক স্তৰত ৰাজ্যিক পৰ্য্যায়ত সামগ্ৰিক পৰিকল্পনা প্ৰস্তুত কৰা।

৯. বিভিন্ন অংশীদাৰৰ দ্বাৰা উত্পাদিত মাছ বিক্ৰী কৰিবলৈ ৰাজ্যৰ বাহিৰে-ভিতৰে বজাৰকৰণৰ সংযোগ স্থাপন কৰা।

১০. অভিযানক সহায়তা আগবঢ়াবলৈ সঠিক ভাৱে চৰকাৰী সমল/সংস্থা সমূহক জড়িত কৰা।

১১. পি.আই.পি.ৰ ৰূপায়ন কাৰ্য্য পৰ্যবেক্ষণ/নিৰীক্ষণ কৰা(বৃহত্ অভিযানক সহায়তা আগবঢ়োৱা)।

১২. খণ্ড অভিযান দল আৰু বৃহত্ অভিযান দলৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰা।

১৩. অভিযানৰ কাৰ্য্যক্ৰম সমূহ পৰিচালনা কৰোতে এম.ও.এ.ত উল্লেখ নথকা নিয়ম, অধিনিয়ম আৰু চৰ্তাৱলী সমূহ প্ৰস্তুত কৰা।

১৪. এম.এম.এছ.-চি.এম.এছ.জি.ইউ.ওৱাই.ৰ পৰা পূঁজি লাভ/গ্ৰহণ কৰা আৰু আঁচনি ৰূপায়ন তথা অন্য খৰচৰ উদ্দেশ্যৰেঅন্য উত্সৰ পৰা পূঁজি স্থানান্তৰ কৰা যি অভিযানৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যৰে ধাৰ্য্য কৰা হৈছে।

১৫. অভিযানৰ বাৰ্ষিক প্ৰতিবেদন, মাহিলী, তিনিমহীয়া আৰু বাৰ্ষিক হিচাপ-কিতাপ আদিবোৰ প্ৰস্তুত কৰা।

১৬. অভিযানৰ লক্ষ্যকঅনুসৰণ কৰিবলৈএম.এম.এছ.-চি.এম.এছ.জি.ইউ.ওৱাই., চৰকাৰ অথবা অন্য কোনো উত্সৰ পৰা লাভ কৰা পূঁজি খৰচ কৰা।

১৭. অভিযানৰ লক্ষ্যত উপনীত হবলৈ প্ৰয়োজন অনুসাৰে ওপৰত উল্লেখ নথকা কাৰ্য্যৱলী সমূহো সম্পাদন কৰা। চি.এম.এছ.জি.ইউ.ওৱাই.ৰ অধীনষ্ঠ প্ৰকল্পৰ আৰ্হি প্ৰস্তুত কৰা, ৰূপায়ন কৰা আৰু তত্বাবধানৰ বাবে পূঁজি ব্যয় কৰা আৰু বিভিন্ন বিক্ৰেতা, যোগান ধৰোতা আৰু পৰামৰ্শদাতাৰ সৈতে চুক্তিবদ্ধ হোৱা যি এম.এম.এছ.-চি.এম.এছ.জি.ইউ.ওৱাই.ৰ মঞ্জুৰীৰ বিষয়বস্তু হয়।

১৮. এম.এম.এছ.-চি.এম.এছ.জি.ইউ.ওৱাই.ৰ মঞ্জুৰীক্ৰমে অভিযানৰ বিভিন্ন প্ৰয়োজনৰ বাবে কাৰিকৰী পৰামৰ্শদাতা আৰু কৰ্মচাৰীক আমন্ত্ৰণ জনোৱা।

মীন মহল অভিযান সমিতিৰ প্ৰবন্ধনঃ-

মীন মহল সমিতিৰ পৰিক্ৰমাৰ প্ৰৱন্ধন ব্যৱস্থাকপৰিচালনা গোট(জি.বি.) আৰু কাৰ্য্যকৰী গোট(ই.বি.) অন্তৰ্ভুক্ত এক দুতৰপীয়া প্ৰশাসনিক ব্যৱস্থাৰ ওপৰত ন্যস্ত কৰা হব। এই ব্যৱস্থাত পৰিচালনা গোট হব নীতি নিৰ্ধাৰণকাৰী মূল গোট আৰু কাৰ্য্যকৰী গোটে সমিতিৰ কাৰ্য্যকৰী কৰ্তৃপক্ষ হিচাপে কাৰ্য্যনিৰ্বাহ কৰিব যি পৰিচালনা গোটৰ নিৰ্দেশনা আৰু পৰামৰ্শ অনুযায়ী কাৰ্য্য সম্পাদন কৰিব।

Survey