মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মীন

বিল চুক্তিৰ বাবে আবেদন কৰক

তালিকা:

  • যোগ্যতাৰ মাপকাঠী
  • প্ৰয়োজনীয় নথি

যোগ্যতাৰ মাপকাঠী:

১. সংশ্লিষ্ট জিলাৰ ব্যক্তিগত প্ৰকৃত অনুসুচীত জাতিৰ মাছমৰীয়া সকল

২. সংশ্লিষ্ট জিলাৰ মাছমৰীয়া সমবায় সমিতি/ আত্ম সহায়ক গোট/বে-চৰকাৰী সংগঠন, যি ১০০শতাংশ অনুসুচীত জাতি আৰু মাছমৰীয়া বৃত্তিৰ অন্তৰ্গত

৩. ব্যক্তিগত মাইমূল সম্প্ৰদায় মাছমৰীয়া (বৰাক উপত্যকা অঞ্চল)

৪. সংশ্লিষ্ট জিলাৰ মাছমৰীয়া সমবায় সমিতি/ আত্ম সহায়ক গোট/বে-চৰকাৰী সংগঠন, যি ১০০শতাংশ মাইমুল সম্প্ৰদায় (বৰাক উপত্যকা অঞ্চল) আৰু মাছমৰীয়া বৃত্তিৰ অন্তৰ্গত

৫. অনুসুচীত জাতি সম্প্ৰদায়ৰ উন্নয়নশীল মতস্য কৃষক

বিল চুক্তিৰ নিবিদাৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰঃ ব্যক্তিৰ বাবে:

১. স্ব-স্বাক্ষৰিত পাছপোৰ্ট ফটো

২. বাকিজাই অনুমতি প্ৰমাণপত্ৰ

৩. জাতিৰ প্ৰমাণ পত্ৰ

৪. যোগ্য কৰ্তৃপক্ষৰ দ্বাৰা প্ৰদান কৰা অভজ্ঞগতাৰ প্ৰমাণ পত্ৰ

৫. নিৰাপত্তা ধন জমা কৰা (নিগমে ধাৰ্য্য কৰি দিয়া লিজ মূল্যৰ ২৫শতাংশ)

৬. শপত নামা (১৫ টকাৰ নন জুডিচিয়েল ষ্টাম্প পেপাৰ)

ওপৰত উল্লেখ কৰা নথি সমূহৰ ওপৰিও, মাছমৰীয়া সমবায় সমিতি/আত্ম সহায়ক গোট/বে-চৰকাৰী সংগঠনৰ ক্ষেত্ৰত তলত উল্লেখ কৰা নথি সমুহো প্ৰয়োজন:

১. সমবায় সমিতি/ আত্ম সহায়ক গোট/বে-চৰকাৰী সংগঠনৰ পঞ্জীয়ন প্ৰমাণ পত্ৰ

২. সমবায় সমিতি/ আত্ম সহায়ক গোট/বে-চৰকাৰী সংগঠনৰ বাকিজাই অনুমতি প্ৰমাণপত্ৰ

৩. নিবিদাত অংশ গ্ৰহণ কৰিবৰ বাবে সাধাৰণ সভাৰ প্ৰস্তাৱ