মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মীন

অসমত মীন উন্নয়নৰ বাবে জাইকাই প্ৰদান কৰা সাহাৰ্য্য

ই হৈছে ৰূপায়ন হবলগীয়া বহিৰাগত সাহাৰ্য্যপ্ৰাপ্ত এক বিশাল প্ৰকল্প........

অসমত মীনউন্নয়নৰ বাবে জিকাই প্ৰদান কৰা সাহাৰ্য্য

“অসমৰ মীন আৰু জীৱিকা উন্নয়ন প্ৰকল্প” নামৰ এক বহিৰাগাত সাহাৰ্য্যপ্ৰাপ্ত প্ৰকল্প অসমৰ বিত্তীয় বিভাগৰ জৰিয়তে মীনবিভাগে ২০১৭চনৰ নৱেম্বৰ মাহত ভাৰত চৰকাৰৰ ডনাৰ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছে। এই প্ৰকল্প তিনি বছৰৰ বাবে জাইকাই ৩৩৯১.৫০কোটি টকা আৱণ্টন দিব বুলি প্ৰস্তাৱ কৰা হৈছে। এই প্ৰকল্পৰ মূল উদ্দেশ্য হৈছে ২০২২চনলৈ অসমক মত্স্য উত্পাদনৰ ক্ষেত্ৰত আত্ম নিৰ্ভৰশীল কৰি তোলা আৰু ইয়াৰ জৰিয়তে ৰাজ্যত মাছ সেৱন বৃদ্ধি কৰা যি দেহৰ বাবে উপযোগী প্ৰটিন যোগান ধৰা এক অতি কম খৰচী উপায় আৰু লগতে অতিৰিক্ত মীনসৃষ্টিৰ জৰিয়তে গ্ৰাম্যাঞ্চলত নিয়োগৰ পথ প্ৰশস্ত কৰা।

অসমত বৰ্তমানে থকা প্ৰায় ১৮ লক্ষ্য নিবনুৱাৰ ছবি খনে ৰাজ্যখনৰ এক উদ্বেগজনক পৰিস্থিতিৰ কথা সূচাই। এইয়া আশ কৰা হৈছে যে জাইকাই প্ৰদান কৰা পুঁজিৰে ৰূপায়িত হব লগীয়া এই বৃহত্ প্ৰকল্পৰ জৰিয়তে ৰাজ্য খনত নিবনুৱা সমস্যা যথেষ্ঠ পৰিমাণে হ্ৰাস পাব।

নদী, বিল/অক্সবৌ হ্ৰদ, বনাঞ্চলীয় মীন, পৰিত্যক্ত/বান প্ৰৱণ এলেকা, জলাশয়, পুখুৰী আৰু টেংক ইত্যাদিকে ধৰি অসমত প্ৰায় ২.৮৫লাখ হেক্টৰভূমি আগুৰা এক বিশাল মত্স্য উত্পাদন উত্স আছে। ৰাজ্যখনৰ প্ৰায় ৯৫শতাংশ লোকে মাছ সেৱন কৰে। গতিকে বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰি ৰাজ্যখনত মত্স্য উত্পাদন খণ্ডৰ বিকাশ ঘটোৱাৰ যথেষ্ঠ পৰিসৰ আছে আৰু ইয়াৰ জৰিয়তে অৰ্থ উপাৰ্জন, নিৱনুৱা সমস্যা সমাধান, বিকল্প জীৱিকাৰ সৃষ্টি, চৰকাৰী ৰাজহ বৃদ্ধি কৰাৰ লগতে ৰাজ্য খনত পুষ্টিকতা আৰু খাদ্য সুৰক্ষা প্ৰাদান কৰাটোও সম্ভৱ হৈ পৰিব।

ওপৰৰ পটভূমি অনুসৰি আৰু লগতে মাছৰ অবৈধ চিকাৰ ৰোধ কৰা, পৰিয়ালকেন্দ্ৰীক মত্স্য কৃষি কৰাৰ আগ্ৰহী কৰি তুলিবলৈ প্ৰতিটো পৰিয়ালকে উত্সাহিত কৰি প্ৰতি হেক্টৰত বৰ্তমানে উত্পাদন হোৱা ১২০০ কিলোগ্ৰামৰ পৰিৱৰ্তে ৩০০০ কিলোগ্ৰামলৈ পুষ্টিকৰ মাছৰ উত্পাদন বৃদ্ধি কৰা আৰু ঘৰুৱা পুখুৰীতে মত্স্য পালন কৰি গাঁৱৰ বাসিন্দা সকলে যাতে সহজ প্ৰটিনযুক্ত মাছ সেৱন কৰিব পাৰে এই সকলো বোৰৰ প্ৰতি লক্ষ্য ৰাখি বিভাগে তলত উল্লেখ কৰা উপাদন সমূহৰ সৈতে প্ৰকল্পটো প্ৰস্তুত কৰি উলিৱাইছে।

    • এক হেক্টৰ আকাৰৰ একোটাকৈ মুঠ ১০০০০ ৰাজহুৱা টেংক নিৰ্মাণ কৰা আৰু স্থানীয় গাঁওবাসী/স্বয়ং সেৱী সংস্থাক জড়িত কৰি মত্স্য উত্পাদন খণ্ডক আগুৱাই নিয়া, যাতে ইয়াৰ জৰিয়তে মত্স্যা উত্পাদন বৃদ্ধি, নিয়োগ সৃষ্টি আৰু গ্ৰাম্য মীনৰ জৰিয়তে গ্ৰাম্য জীৱিকাৰ সন্ধান দিয়া আদি সকলোবোৰ সম্ভৱ হৈ পৰে। পানীযুক্ত মুঠ এলেকাৰ পৰিমাণ হব ১০,০০০হেক্টৰ।
    • ২৮,০০০হেক্টৰ এলেকা আগুৰি মুঠ ২,০০,০০০পুখুৰী নিৰ্মাণৰ উদ্দেশ্যেৰে ৰাজ্য খনৰ সম্ভাৱনাপূৰ্ণ ২০০০গাঁৱত, গাঁৱে প্ৰতি ১০০ টাকৈ ঘৰুৱা(ঘৰৰ পাছফালে) পুখুৰী(প্ৰতিটোৰ আকাৰ হব ০.১৪হেক্টৰ) নিৰ্মাণ কৰা আৰু ইয়াৰ জৰিয়তে ঘৰৰ পাছফালে মত্স্য উত্পাদন কৰা প্ৰক্ৰিয়াক জনপ্ৰিয় কৰি তোলা আৰু গ্ৰাম্যাঞ্চলত নিয়োগৰ সম্ভাৱনীয়তা বৃদ্ধি কৰা।

মীনবিভাগে ইতিমধ্যেই ডনাৰ মন্ত্ৰালয়, কৃষি আৰু কৃষক উন্নয়ন, বৈদেশিক পৰিক্ৰমা, গৃহ বিভাগ আৰু বিত্তীয় পৰিক্ৰমা আদি বিভাগ সমূহৰ পৰা কিছুমান মন্তব্যৰ সৈতে অনুমতি লাভ কৰিছে যত ইতিমধ্যে সংশ্লিষ্ট মন্ত্ৰালয় সমূহৰ সৈতে বিভাগে নিজৰ মতামত সমূহ প্ৰকাশ কৰিছে। ইয়াৰ ফলস্বৰূপে, ২৪/০৭/২০১৭ তাৰিখৰ পত্ৰ নং এফ.-১/৪/২০১৭/জাপান-১ৰ জৰিয়তে ভাৰত চৰকাৰৰ বিত্তীয় মন্ত্ৰালয়ৰ সৈতে হোৱা যোগাযোগৰ জৰিয়তে এই প্ৰকল্প ইতিমধ্যেই জিকাৰ অব্যাহত থকা পৰিকল্পনাৰ অন্তৰ্ভুক্ত কৰা হৈছে।

উত্পদান দৃষ্টিকোণৰ পৰা প্ৰকল্প ফলাফল

  • বছৰি প্ৰতি হেক্টৰত ১২০০কিলোগ্ৰামৰ পৰা ৩০০০কিলোগ্ৰাম মাছ উত্পাদন কৰা
  • ২৮০০০ হেক্টৰ ভূমি আগুৰি গঢ়ে ০.১৪হেক্টৰ আকাৰৰ ২,০০,০০০ পুখুৰী নিৰ্মাণ কৰা
  • গাঁৱৰ স্থানীয় বাসিন্দা/১৫-২৫জনীয়া সদস্যৰ স্বয়ং সেৱী সংস্তাৰ দ্বাৰা পৰিচালিত ১হেক্টৰ আকাৰৰ ১,০০০ ৰাজহুৱা পুখুৰী সৃষ্টি কৰা
  • অতিৰিক্ত ৩৮০০০ হেক্টৰ পুখুৰী নিৰ্মাণ ভূমি তৈয়াৰ কৰা
  • অতিৰিক্ত মাছৰ উত্পাদন = প্ৰতি হেক্টৰত ৩টন হিচাপত ১,১৪,০০০টন = ১১৪ হাজাৰ টন
  • বৰ্তমান ধাৰাত মাছৰ প্ৰয়োজন = ৩৬০ হাজাৰ টন; ২০১৯-২০চনত উত্পাদন = ৩৪৭ হাজাৰ টন; নাটনি = ৩৬০-৩৪৭ = ১৩হাজাৰ টন
  • প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পাছত ৰাহি = ১১৪-১৩ = ১০১হাজাৰ টন
  • কিলোৱে প্ৰতি ১৫০টকা দৰত ১০১কিলোগ্ৰাম মাছ উত্পাদনৰ খৰচ = ১৫১৫কোটি টকা

নিয়োগ সৃষ্টি দৃষ্টিকোণৰ পৰা প্ৰকল্পৰ ফলাফল

  • গাঁৱৰ ৰাজহুৱা পুখুৰীৰ(১০,০০০) পৰা সৃষ্টি হবলগীয়া নিয়োগৰ পৰিমাণ = ১০,০০০ X ২০ = ২,০০,০০০(প্ৰতিটো স্বয়ং সেৱী সংস্থা/স্থানীয় সমূদায় দলৰ ২০জনকৈ সদস্যৰ হিচাপত)
  • মত্স্য পালকৰ ব্যক্তিগত পুখুৰীৰ পৰা(১০০ X ২০০০ = ২,০০,০০০) সৃষ্টি হবলগীয়া নিয়োগৰ পৰিমাণ হবগৈ ৪,০০,০০০(প্ৰতিটো পৰিয়ালৰ দুজনকৈ ব্যক্তিৰ হিচাপত)
  • সমগ্ৰ প্ৰকল্পটোৰ পৰা সৃষ্টি হবলগীয়া নিয়োগৰ পৰিমাণ প্ৰায় ৬লাখ হবগৈ(ৰাজ্যৰ মুঠ নিবনূৱা ১৮লাখ যুৱক-যুৱতীৰ ৩৩শতাংশ)