মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মীন

বিল মীনৰ নিষ্পত্তি

সংজ্ঞা

এই নিয়ম অনুসৰি যেতিয়ালৈ কোনো বিষয় সন্দৰ্ভত প্ৰতিকুলতা নাথাকে-

  • অসম ভূমি আৰু ৰাজহ অধিনিয়ম, ১৮৮৬ৰ ১৬নং ধাৰাৰ অধীনত জাৰি কৰা ঘোষণাঅনুসৰিহে কোনো জলাঞ্চলক মীন মহল হিচাপে গণ্য কৰা হয়।
  • বৰ্ষ মানে হৈছে প্ৰথম এপ্ৰিলৰ পৰা ৩১মাৰ্চলৈ সম্পূৰ্ণ ১২টা মাহ।

মীনৰ পঞ্জীকৰণ

সকলো জিলা, মহকুমাৰ বিষয়া সকলে অসম ভূমি আৰু ৰাজহ অধিনিয়ম, ১৮৮৬ হস্তপুথি, দ্বিতীয় ভলিউমৰ ৯৭নং প্ৰ-পত্ৰৰ জৰিয়তেচৰকাৰী মীনসমূহৰ এক পঞ্জীয়ক ৰখাটো বাধ্যতামূলক আৰু চৰকাৰৰ আগতীয়া মঞ্জুৰী অবিহনে মীনৰ সংযোগ বা বিসংযোগ অথবামীনৰ সীমা নিৰ্ধাৰণ সন্দৰ্ভত পঞ্জীয়ক সাল-সলনি কৰাটো অসম্ভৱ।

মীন মহল বিক্ৰীৰ প্ৰক্ৰিয়া

  • সদৰ মহকুমাৰ ক্ষেত্ৰত জিলা উপায়ুক্ত বা অতিৰিক্ত জিলা উপায়ুক্ত আৰু মহকুমাৰ ক্ষেত্ৰত মহকুমাধিপতিয়ে চলিত বৰ্ষৰ শেষ তাৰিখত লীজৰ ম্যাদ সমাপ্ত হবলগীয়াঅথবা অধিনয়ম-৯ অনুসৰি বিগত বৰ্ষত বিক্ৰীৰ কৰাৰ ক্ষেত্ৰত সংৰক্ষিত কৰি ৰখা পঞ্জীকৃত চৰকাৰী মীন মহল সমূহৰ বিক্ৰীৰ বাবেপ্ৰতিবছৰে এটা তাৰিখ নিৰ্ধাৰণ কৰা হয় যি এক জানুৱাৰীৰ পূৰ্বৰ তাৰিখ সমূহৰ মাজৰ পৰা বাচি উলিওৱা হয়।জিলা উপায়ুক্ত বা অতিৰিক্ত জিলা উপায়ুক্ত অথবা মহকুমাধিপতি সকলে কমেও এমাহ পূৰ্বে অসম ভূমি আৰু ৰাজহ অধিনিয়ম, ১৮৮৬ হস্তপুথি, দ্বিতীয় ভলিউমৰ ১০১নং প্ৰ-পত্ৰৰ জৰিয়তেএই তাৰিখ নিৰ্ধাৰণ কৰে। এই জাননীত মীনৰ নাম, ইয়াৰ মৌজা আদিবোৰ উল্লেখ থাকিব যত মীন মহলটো অৱস্থিত আৰু লগতে ইয়াৰ চিনাক্তকৰণ সম্বন্ধীয় সকলো প্ৰয়োজনীয় তথ্য এই জাননীত উল্লেখ থাকিবঃলগতে উল্লেখ থাকিব বিগত বৰ্ষত বিক্ৰী কৰা ইয়াৰ মূল্য আৰু ম্যাদৰ বিষয়ে, যি সময়ৰ কাৰণে ইয়াক বিক্ৰী কৰা নহয়, তাৰিখ, স্থান আৰু বিক্ৰীৰ চৰ্তাৱলী সমূহ। এই জাননীৰ বিষয়বস্তু সমূহৰ বিষয়ে মীনৰ সমীপত থকা কোনো বজাৰত সম্ভৱপৰ হলে ধোল বজাই ৰাইজক অৱগত কৰাও হয়।
  • তালিকা পাঠ-২
  • সদৰ মহকূমাৰ মীন মহল সমূহ জিলা উপায়ুক্ত বা অতিৰিক্ত জিলা উপায়ুক্ত সকলে বা নহলে এওলোকৰ দ্বাৰা কৰ্তৃত্ব প্ৰদান কৰিলে সংশ্লিষ্ট মহকুমাধিপতি সকলে বিক্ৰী কৰিব পাৰে। সংশোধিত অসম ভূমি ৰাজহ নিয়মাৱলী ভলিউম-২ৰ ফৰ্ম নং. ১০১ত লিখিত জাননীৰ দ্বাৰা কমেও এক মাহৰ আগতে বিক্ৰীৰ তাৰিখ নিৰ্দ্ধাৰণ কৰাৰ প্ৰক্ৰিয়া উল্লেখ্য কৰিব লাগিব, ইয়াৰ পাছত ১৯৭১-৭২ বৰ্ষৰ কাৰণে এই ধৰণৰ মীন বিক্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য নহব।

বিক্ৰীৰ চৰ্তাৱলী

তলত উল্লেখ কৰা চৰ্তাৱলী সমূহ জাননীত উল্লেখ কৰা থাকিব আৰু বিক্ৰীৰ পূৰ্বেও পঢ়ি শুনোৱা হব।

  • যি গৰাকী বিষয়াই এই বিক্ৰী প্ৰক্ৰিয়া পৰিচালনা কৰিব তেঁও উচ্চ দৰৰ নিবিদা বা আন নিবিদা গ্ৰহণ কৰিবলৈ বাধ্য নহয়।
  • মীন মহল বিক্ৰীৰ চৰ্তাৱলীঃ কাচাৰ জিলাৰ মায়মাল সম্প্ৰদায়ৰ সদস্য বা অনুসূচীত জাতিৰ অন্তৰ্গত প্ৰকৃত মাছমৰীয়া সদস্যৰ বাহিৰেও অন্য সম্প্ৰদায়ৰ দ্বাৰা গঠিত সমবায় সমিতিকে ধৰি যি কোনো নিবিদা।
    ৰাজ্যৰ অনুসূচীত জাতিৰ অন্তৰ্গত প্ৰকৃত মাছমৰীয় অথবা কাচাৰ জিলাৰ ময়মাল সম্প্ৰদায়ৰ সদস্যৰ ১০০শতাংশ অংশীদাৰিত্ব থকাঅসম সমবায় সমিতি আইন, ১৯৪৯ৰ অধীনত পঞ্জীকৃত মীন মহল সমবায় সমিতি হোৱাটো বাঞ্চনীয়।
  • যদিহে ক্ৰয় কৰোতাইবিক্ৰীৰ এক মাহৰ ভিতৰত এই বিক্ৰী কাৰ্য্যকৰী কৰাত বিফল হয় তেনেহলে মীন মহলটো তেঁওৰ দায়িত্বত পুনৰ বিক্ৰী কৰা হব আৰু ইয়াৰ লগতে তেঁও সম্পূৰ্ণ ম্যাদৰ নিষ্পত্তিৰ হিচাপ উলিয়াই পৰৱৰ্তী বিক্ৰীৰ পৰা লাভ কৰিব লগীয়া পূঁজি আৰু নিজ নিবিদাৰ মাজত থকা পাৰ্থক্যৰ ক্ষতিপূৰণ কৰাটো বাধ্যতামূলক।
    জিলা উপায়ুক্ত বা মহকুমাধিপতিয়ে কোনো বিশেষ কাৰণতহে প্ৰথম ক্ৰয় কৰ্তাই এনে কৰাটো বিচাৰে।
  • যদিহে ক্ৰয় কৰোতাই বিক্ৰীৰ এক মাহৰ ভিতৰত এই বিক্ৰী কাৰ্য্যকৰী কৰাত বিফল হয়বা নহলে ওপৰৰ ২ বা ৩ নং উপ-অনুচ্ছেদত উল্লেখ থকাৰ দৰে ক্ৰয় কৰোতাই যি কৰা উচিত সেইয়া যদি কৰা নহয় তেনেহলে জিলা উপায়ুক্ত বা মহকুমাধিপতিয়ে ক্ৰয় কৰোতাই জমা দিয়া সুৰক্ষা ধন ঘুৰাই নিদিয়াৰ বাবে নিৰ্দেশনা দিব পাৰে।
  • অস্তমিত কৰ্তৃপক্ষ:

    ক) সদহ মহকুমা ৰ ক্ষেত্ৰত জিলা উপায়ুক্ত বা অতিৰিক্ত জিলা উপায়ুক্ত আৰু মহকুমাৰ ক্ষেত্ৰত মহকুমাধিপতি হৈছে নিজ নিজ ক্ষেত্ৰৰ অধীনত থকাচৰকাৰী পঞ্জীকৃত মীন মহল সমূহ নিবিদাৰ জৰিয়তে বিক্ৰী কৰাৰ বাবে প্ৰকৃত কৰ্তৃপক্ষ।
    খ) লীজৰ ম্যাদ বৃদ্ধি কৰাঃ i) লীজত প্ৰদান কৰা পঞ্জীকৃত মীন মহল সমূহৰ ম্যাদৰক্ষেত্ৰত, সাধাৰণতে তিনি বছৰতকৈ কম নহলে, কোনো বিশেষ কাৰণত বা কোনো এৰাব নোৱাৰা কাৰণত যি লীজ অধিকাৰীৰ নিয়ন্ত্ৰনাধীন নহয়, হস্তক্ষেপ কৰা হয়। ii)মীন মহল সঞ্চালকালয়ৰ পৰামৰ্শ অনুযায়ী ৰাজ্য চৰকাৰেও কোনো ইচ্ছুক মত্স্য কৃষকৰ অধীনত থকা মীনৰ লীজৰ ম্যাদ বৃদ্ধি কৰিব পাৰে কিন্তু তেঁও উক্ত মীনৰ নিয়মীয়া আৰু বৰ্তমানৰ লীজাধিকাৰী হোৱাটো বাঞ্চনীয়।
    গ) মীনৰ উন্নয়ন আৰু ইয়াৰ গুৰুত্বপুৰ্ণ নিষ্পত্তিঃ যি কোনো সময়তে নহওক কিয়, যদি কোনো মীনৰ লীজ ম্যাদ যদি সমাপ্ত হয় তেনেহলে ৰাজ্য চৰকাৰে এক ৰাজপত্ৰিত অধিসুচনা প্ৰকাশ কৰিমীনৰ উন্নয়নৰ স্বাৰ্থত নিবিদা অথবা অন্য ব্যৱস্থাপনাৰ জৰিয়তে ইয়াৰ পৰৱৰ্তী লীজ প্ৰদানৰ ক্ষেত্ৰত বাধা আৰোপ কৰিবও পাৰে।
    তথাপিও মীন মহল সঞ্চালকেএনে মীনৰ বিপৰিতে লীজ প্ৰদানৰ প্ৰাসংগিক নিয়মৰ সৈতে সম্বন্ধিত নিবিদা আহ্বান কৰিব পাৰেআৰু নিবিদা আহ্বানৰ পোন্ধৰ দিনৰ ভিতৰতে সঞ্চালকে ইয়াক চৰকাৰৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিব পাৰে।
    ঘ) বিক্ৰী নিশ্চিতকৰণঃজিলা উপায়ুক্ত বা মহকুমাধিপতিৰ দ্বাৰা সংঘটিত মীন মহল সমূহৰ বিক্ৰীৰ বিষয়ে বিক্ৰীৰ এসপ্তাহৰ ভিতৰতে বিভাগীয় আয়ুক্তক অসম ভূমি আৰু ৰাজহ হস্তপুথি, দ্বীতিয় খণ্ডৰ ১০০নং প্ৰ-পত্ৰৰ জৰিয়তে নিশ্চিতকৰণৰ বাবে অৱগত কৰাব লাগিব। এই প্ৰস্তাৱ লাভ কৰাৰ তেৰ দিনৰ ভিতৰতে নিশ্চিতকৰণৰ আদেশত অনুমোদন জনোৱাটো বাধ্যতামূলক।
    ঙ) মীন মহল সমূহৰ পুনৰ বিক্ৰীকৰণঃ মীন মহল লীজৰ অধীনত কোনো আইন ভংগ হলে বা লীজৰ নিয়মীয়া কিস্তি প্ৰদানত ব্যৰ্থ হলে এনে মীন মহল সমূহ লীজ অধিকাৰীৰদায়িত্বত নিবিদা আহ্বানৰ জৰিয়তে পুনৰ বিক্ৰী কৰা হয়। পূৰ্বৰ লীজ পদ্ধতিৰ দৰেই পুনৰ বিক্ৰীকৰণৰ ক্ষেত্ৰতো একে ধৰণৰ পদ্ধতিয়েই অৱলম্বন কৰা হব কিন্তু নতুনকৈ সংযোজন কৰা হব যে এই বিক্ৰী কাৰ্য্য বৰ্তমানৰ লীজ অধিকাৰীৰ দায়িত্বতহে সম্পাদন কৰা হব।

  • ওপৰোক্ত অধিনিয়ম নং ৮(খ)ত উল্লেখ কৰাৰ বাহিৰে, সকলো পঞ্জীকৃত মীন মহল নিলামৰ পৰিৱৰ্তে নিবিদা পদ্ধতিৰ জৰিয়তেহে প্ৰদান কৰা হব। গতিকে নিবিদা পদ্ধতিৰ অধীনষ্ঠ মীন মহল সমূহৰ সমীপৱৰ্তী ১০০শতাংশ প্ৰকৃত মাছমৰীয়া সকলক সামৰিলোৱা সমবায় সমিতি, বেচৰকাৰী সংগঠন আৰু আত্ম সহায়ক গোটৰ বিশেষ শ্ৰণীৰ সৈতে ৬০শতাংশ শ্ৰেণীগত মীন মহল চৰকাৰে নিষ্পত্তি কৰিব। বাখ্যা ১: এই ক্ষেত্ৰত বিশেষ শ্ৰেণীৰ অৰ্থ হৈছে অনুসুচীত জাতি আৰু কাচাৰ জিলাৰ মায়মাল সম্প্ৰদায়ৰ ১০০শতাংশ মাছমৰীয়া লোককে সামৰি লোৱা সমবায় সমিতি, আত্ম সহায়ক গোট আৰু বেচৰকাৰী সংগঠন যি বিভিন্ন কাৰণত যেনে মহামাৰী, বানপানী, খৰাং বা অন্য কোনো কাৰণত অৰ্থাত্ যি বোৰ কাৰণ বেচৰকাৰী সংগঠন, আত্ম সহায়ক গোট বা সমিতিৰ নিয়ন্ত্ৰণৰ বাহিৰত যাৰ বাবে তুলনামূলক নিবিদা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব নোৱাৰে। বাখ্যা ২:এই ক্ষেত্ৰত ৬০শতাংশ মীনৰ অৰ্থ হৈছে ৬০শতাংশ চৰকাৰী পঞ্জীকৃত মীনমহল যি প্ৰতি বছৰে বিক্ৰীৰ বাবে মহকুমা সমূহত উপলব্ধ থাকে।
  • মত্স্য প্ৰজননৰ সময়ছোৱাত বিক্ৰীৰ বাবে অনুপযুক্ত কম ওজনৰ মাছ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাঃ ১) এক মে তাৰিখৰ পৰা ১৫জুলাই তাৰিখৰ ভিতৰত ঘোষিত মীন মহল সমূহত কণি থকা মাছ যেনে ৰৌ, ভকুৱা, বাহুমৃগাল, মালি কলবাসু, খৰিয়া, ঘৰিয়া আৰু কুৰি আদিবোৰ সংগ্ৰহ কৰাত বাধা আছে। ২) ওপৰত উল্লেখ কৰা মাছ সমূহৰ ভিতৰত মালি মাছবিধ ১০ছেণ্টিমিটাৰতকৈ কম আৰু বাকীবোৰ ২৩ছেণ্টিমিটাৰতকৈ কম আকাৰৰ মাছ সমূহ এক আগষ্ট তাৰিখৰ পৰা ৩১অক্টোবৰ তাৰিখলৈ ভক্ষণ কৰা বা বিক্ৰী কৰাৰ উদ্দেশ্যৰে সংগ্ৰহ কৰাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰা আছে। ৩) সকলো সৰু আকাৰৰ মাছ যি সমূহ ২নং ওপ-নিয়মত উল্লেখ কৰা হৈছে, সেই সমূহ জালৰ সহায়ত সংগ্ৰহ কৰি মীন মহল সমূহত এৰি দিয়া হয় অথবা জীৱন্ত অৱস্থাত বিভাগক লীজ অধিকাৰীয়ে যোগান ধৰে যি সমূহৰ দাম চৰকাৰে সময় সময়ে নিৰ্ধাৰণ কৰি থাকে।
  • চৰকাৰে সময়ে সময়ে নিবিদা পদ্ধতিৰ জৰিয়তে যিকোনো সময়ৰ বাবে লীজত প্ৰদান কৰিবলৈ যি কোনো মীন মহল বাচনি কৰিব পাৰে আৰু ইয়াৰ বাবে জিলা উপায়ুক্ত বা মহকুমাধিপতিক নিৰ্দেশনা প্ৰদান কৰিব পাৰে।
  • কোনো নিৰ্দিষ্ট বৰ্ষৰ বাবে চৰকাৰী নিৰ্দেশনা লাভ কৰাৰ পাছতেই জিলা উপায়ুক্ত বা মহকুমাধিপতি সকলে চৰকাৰে বাচনি কৰি দিয়া মীন মহল সমুহৰ লীজ প্ৰদানৰ বাবে এটা তাৰিখ ধাৰ্য্য কৰিব যি পাঁচ ফেব্ৰুৱাৰী তাৰিখৰ পূৰ্বৰ হব লাগিব আৰু ইয়াৰ বাবে জনসাধাৰণৰ পৰা নিবিদাও আহ্বান কৰিব। এই তাৰিখৰ বিষয়ে কমেও এমাহ পূৰ্বেই জনসাধাৰণক জিলা উপায়ুক্ত অথবা মহকুমাধিপতিয়ে অৱগত কৰিব।
  • কোনো জিলাৰ মহকুমাৰ অধীনষ্ঠ মীন মহল সমূহৰ বাবে মহকুমা কাচাৰী আৰু সদৰ মহকুমাৰ অধীনষ্ঠমীনৰ বাবে জিলাৰ সদৰ কাচাৰীত মীনৰ লীজ প্ৰদানৰ কাৰ্য্য সম্পাদন কৰা হব।
  • এগৰাকী প্ৰকৃত অনুসুচীত জাতিৰ মাছমৰীয়াকে ধৰি কমেও পাঁচ জনীয়া সদস্যৰে গঠিত উপদেষ্টা পৰিষদৰ উপস্থিতিত উপায়ুক্ত বা মহকুমাধিপতি সকলে এই নিবিদা সমূহ মুকলি কৰিব। এই পৰিষদৰ সদস্য বাচনি প্ৰক্ৰিয়া সম্পূৰ্ণ ভাৱে গোপনীয়।
Downloads
TitleSizeDetail
Compilation of Settlement of beels 28.07.201749.92 KBswf-image