মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মীন

মীনৰ মুখ্য বাতৰি আৰু উন্নয়ন লক্ষ্য সমূহ

ৰাষ্ট্ৰ সংঘৰ দীৰ্ঘকালীন উন্নয়ন লক্ষ্য (এছ.ডি.জি.এছ.) ৰাজ্যিক মীন মহল আৰু মত্স্য কৃষি খণ্ড

ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদে ২০১৫চনৰ ২৫ছেপ্তেম্বৰ তাৰিখে চৰকাৰী কাৰ্য্যসূচী “আমাৰ বিশ্বৰ ৰূপান্তৰকৰণ : দীৰ্ঘকালিন উন্নয়নৰ বাবে ২০৩০ৰ কাৰ্য্যাৱলী”ৰ অধীনত ১৬৯টা লক্ষ্য আৰু ৩০৪টা সুচকসহ ১৭টা দীৰ্ঘকালিন উন্নয়ন লক্ষ্যযুক্ত এক প্ৰস্তাৱ গ্ৰহণ কৰে। এই প্ৰস্তাৱ স্বাক্ষৰকাৰী দেশ সমূহৰ ভিতৰত অন্যতমখন দেশ হৈছে ভাৰত। ১৬৯টা লক্ষ্য আৰু ৩০৪টা সুচকসহ এই ১৭টা দীৰ্ঘকালিন উন্নয়নৰ লক্ষ্যই সমগ্ৰ বিশ্ব আৰু মানৱতাৰ উন্নয়নৰ হকে বিশ্ব সম্প্ৰদায়ে স্বীকৃতি প্ৰদান কৰা সকলো চৰকাৰৰ কৰণীয়তাক সূচাইচে বুলি অসম চৰকাৰেও বিবেচনা কৰিছে। ৰাজ্যৰ স্বাস্থ্য, সুখ আৰু শান্তি আৰু লগতে উন্নয়নৰ ক্ষেত্ৰত এই উন্নয়নৰ লক্ষ্য সমূহে এক যোগাত্মক প্ৰভাৱ বিস্তাৰ কৰাৰ সম্ভাৱনা আছে আৰু লগতে ৰাজ্য খনৰ জৈৱ বৈচিত্ৰতাকো সংৰক্ষণ কৰাৰ ক্ষেত্ৰত উক্ত লক্ষ্য সমূহৰ জৰিয়তে বিশেষ ভাৱে লাভান্বিত হব বুলি অসম চৰকাৰে চিনাক্ত কৰিছে যি ৰাজ্য খনৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে নিত্যান্তই প্ৰয়োজন। ওপৰত উল্লেখ কৰা দিশ সমূহৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰাকাৰে ২০১৬চনৰ এক জানুৱাৰী তাৰিখৰ পৰা এই উন্নয়নৰ লক্ষ্য সমূহ কাৰ্য্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু লগতে এছ.ডি.জি.ৰ আধাৰতেই অসম-২০৩০ শীৰ্ষক এক পদক্ষেপো মুকলি কৰে। অসম চৰকাৰৰ মীন মহল বিভাগেও মীনৰ সামগ্ৰীক বিকাশৰ বাবে এই উন্নয়নৰ লক্ষ্য সমূহ সংযুক্ত কৰিবৰ বাবে এক প্ৰস্তাৱ গ্ৰহণ কৰে।

ৰাষ্ট্ৰ সংঘৰ দীৰ্ঘম্যাদি উন্নয়ন লক্ষ্য সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৫চনৰ ২৫ছেপ্তেম্বৰ তাৰিখে নিজ ভাষণত কয় যে “মই নীল বিপ্লৱৰ কথা কৈ আহিছো, যি উন্নয়ন, সাগৰীয় সম্পদ আৰু নীলা আকাশৰ বহনক্ষম ব্যৱহাৰক অন্তৰ্ভুক্ত কৰে”। নদী, বিল, জলাশয়, পৰিতক্ত জলাঞ্চল, পুখুৰী, বনাঞ্চাল ইত্যাদিৰে ভৰা অসম এখন মীন সম্পদৰে ভৰা ৰাজ্য। ৰাজ্যখনৰ প্ৰায় ৯৫শতাংশ লোকে মাছ ভক্ষণ কৰে। ইয়াৰ দ্বাৰা ঠাৱৰ কৰিব পাৰি যে মীন আৰু মত্স্য কৃষিয়ে ৰাজ্যখনৰ দুখীয়া শ্ৰেণীৰ লোকৰ আৰ্থ-সামাজিক পৰিস্থিতিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

মুঠ ১৭টা বহনক্ষম উন্নয়নৰ লক্ষ্যৰ ভিতৰত দুটা লক্ষ্য যেনে লক্ষ্য-১: দৰিদ্ৰহীনতা আৰু লক্ষ্য-২: ক্ষুধাহীনতাৰ সৈতে অসমৰ মীনৰ প্ৰাসংগিকতা অধিক, কিয়নো মীন ক্ষেত্ৰত সম্প্ৰদায় ভিত্তিত উন্নয়নৰ আৰ্হি গ্ৰহণ কৰি মীন মহল খণ্ডত লাখ লাখ গ্ৰামীণ জীৱিকা সৃষ্টি কৰি দৰিদ্ৰতা আৰু ক্ষুধা নিয়ন্ত্ৰণ কৰা সম্ভৱ।

ৰাজ্যখনত মাছৰ বিধান আৰু মাছৰ খাদ্যৰ উপলব্ধতা প্ৰয়োজনীয় হাৰতকৈ কম— এই দুই উপাদনৰ নিম্ন পৰিমাণৰ উপলব্ধতাৰ বাবেই ৰাজ্য খনৰ মত্স্য উত্পাদন ইয়াৰ সম্ভাৱনীয়তাৰ তুলানাত যথেষ্ঠ কম। ২০১৫-১৬চনত মাছৰ চাহিদা ৩.৩৬লাখ মেট্ৰিক টনৰ পৰিৱৰ্তে উত্পাদন হৈছিল ২.৯৪লাখ মেট্ৰিক টন। প্ৰয়োজনীয় ৩৫০নিযুত মাছৰ পোনা আৰু ৯০,০০০ মেট্ৰিক টন খাদ্যৰ পৰিৱৰ্তে ৰাজ্যখন বৰ্তমান গড়ে ১৩৫নিযুত মাছৰ পোনা আৰু ৩,০০০খাদ্য উত্পাদন হৈ আহিছে। এই ব্যৱধান আঁতৰ কৰিবৰ বাবে মীন বিভাগে ইতিমধ্যেই বহনক্ষম উন্নয়নৰ লক্ষ্যৰ অধীনত তিনি বছৰীয়া কৰ্ম-যোজনা আৰু সাত বছৰীয়া কৌশলগত কৰ্ম-যোজনাৰ অধীনত কিছুমান শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে যাৰ জৰিয়তে মাছ, মাছৰ বিধান আৰু মাছৰ খাদ্য উত্পাদন বৃদ্ধি কৰি ৰাজ্যখনৰ দৰিদ্ৰতা আৰু ক্ষুধা নিবাৰণৰ লক্ষ্য স্থিৰ কৰা হৈছে।

মীন মহল খণ্ডত বাহাল থকা বিভিন্ন সমস্যা আৰু দিশ সমূহ:

  • মাছৰ উন্নত মানৰ বিধান, মাছৰ খাদ্য আৰু অন্যান্য মত্স্য কৃষিজাত সামগ্ৰীৰ অপৰ্য্যাপ্ত উপলব্ধতা
  • অপৰ্য্যাপ্ত মাছৰ পোনা উত্পাদন আৰু মত্স্য প্ৰতিপালন আন্তঃগাঠনি
  • নিম্ন উষ্ঞতাযুক্ত জলবায়ু আৰু দীৰ্ঘদিনীয়া শীতকাল
  • অপৰ্য্যাপ্ত ঋণ সুবিধা
  • নিম্ন মানৰ মত্স্য বিবিধতাকৰণ
  • বিক্ৰী উপযোগী মাছ আৰু ইয়াৰ বিধানৰ বাবে অংসগঠিত বজাৰ ব্যৱস্থা আৰু লগতে বজাৰ আন্তঃগাঠনিৰ অনুপলব্ধতা
  • মত্স্য কৃষিৰ পৰৱৰ্তী পৰ্য্যায়ৰ বাবে অতি দুৰ্বল আন্তঃগাঠনি

চৰকাৰী আঁচনি আৰু তলত উল্লেখ কৰা বিষয় সমূহৰ ওপৰত গুৰুত্ব আৰোপৰ জৰিয়তে বিভাগে মীনৰ সামগ্ৰিক বিকাশৰ বাবে যথোত্পৰ চেষ্টা অব্যাহত ৰাখিছে:

  • সম্পদৰ অনুভূমিক সম্প্ৰসাৰণ
  • জলাশয়/বিল সমূহত মীন মহল ভিত্তিক কৃষিৰ জনপ্ৰিয়কৰণ কৰা
  • পুখুৰী আৰু টেংক সমূহত অল্প ভিত্তিত কৃষি কৰা
  • উন্নয়নশীল মত্স্য কৃষক সকলৰ পুখুৰী আৰু টেংকত বহল ভিত্তিত মত্স্য কৃষি কৰা
  • বিল আৰু অন্যান্য প্ৰাকৃতিক জলভাণ্ডাৰ সমূহত ষ্টক বৃদ্ধি কৰা
  • প্ৰাকৃতিক জল সম্পদ সমূহৰ সংৰক্ষণ কৰা
  • অলংকাৰযুক্ত মীন মহল সমূহৰ সঠিক ভাৱে উন্নয়ন সাধন কৰা
  • অংশীদাৰসকলৰ বাবে প্ৰশিক্ষণ প্ৰদান আৰু ক্ষমতা বৃদ্ধিকৰণ
  • মত্স্য কৃষিৰ পৰৱৰ্তী পৰ্য্যায়ৰ বাবে আৰু লগতে প্ৰয়োজনীয় বজাৰকৰণৰ বাবে আন্তঃগাঠনি সুনিশ্চিত কৰা

বিভাগে কিছুমান মূল কাৰ্য্যক্ৰমো চিনাক্ত কৰিছে

  • চৰকাৰী আৰু ব্যক্তিগত খণ্ডত দহ নিযুত মাছৰ পোনাৰ ক্ষমতা যুক্ত গঁড়াল নিৰ্মাণ
  • ক্ষুদ্ৰ আৰু মধ্যম আকাৰৰ মত্স্য আহাৰৰ কাৰখানা প্ৰতিষ্ঠা
  • মাছৰ উত্পাদন বৃদ্ধিৰ বাবে প্ৰাকৃতিক জল ভাণ্ডাৰ সমূহত সৰু পোনাৰ (৮০-১০০ এম.এম. আকাৰৰ) পৰিমাণ বৃদ্ধি কৰা
  • মধ্য আকাৰৰ মত্স্য কৃষিৰ জৰিয়তে প্ৰথম বৰ্ষৰ ইনপুত যোগান ধৰি বাহাল থকা পখুৰী আৰু টেংকৰ উন্নয়ন সাধন কৰা
  • উন্নয়নশীল মত্স্য কৃষক সকলৰ পুখুৰী আৰু টেংকত বহল ভিত্তিত মত্স্য কৃষি কৰা
  • সঠিক নিম্ন স্তৰৰ ভূমিত নতুন পুখুৰী নিৰ্মাণ কৰা
  • নিম্ন স্তৰৰ অঞ্চলৰ লগতে গাহৰি প্ৰতিপালন কৰা অঞ্চল সমূহৰ বৰ্তি থকা পুখুৰী সমূহত ক্ৰমে শস্য আৰু মত্স্য কৃষি বা নহলে গাহৰি পালন আৰু মত্স্য কৃষিৰ দৰে সংহত কৃষি পদ্ধতি অত্যাধিক হাৰত গ্ৰহণ কৰা আৰু
  • ৰাজ্যত অলংকাৰযুক্ত মত্স্য কৃষি খণ্ডক স্বীকৃতি প্ৰদান কৰা

উক্ত খণ্ডৰ বহনক্ষম উন্নয়নৰ বাবে, মীন মহল খণ্ডই ভাৰত চৰকাৰ, উত্তৰ পূৱ পৰিষদ, নাৱাৰ্ড, বহিৰাগত প্ৰকল্প সাহাৰ্য্য পূঁজি, বেংক আৰু অন্যান্য বিত্তীয় প্ৰতিষ্ঠান আৰু লগতে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান যেনে আই.অ.চি., তেল আৰু প্ৰাকৃতিক গেছ নিগম ইত্যাদিৰ পৰা লাভ কৰা সাহাৰ্য্য তথা সম্পদ সমূহ আগন্তুক দিন সমূহত ব্যয় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। এই চেষ্টাৰ জৰিয়তে নিশ্চয়কৈ ২০১৯-২০চনৰ পাছত অসমত মাছৰ উত্পাদন যথেষ্ঠ বৃদ্ধি কৰিব আৰু ইয়াৰ লগে লগেই বৰ্তমানৰ প্ৰয়োজনৰ ভিত্তিত ২০১০-২১চনত ৰাজ্যখন উত্পাদনৰ ক্ষেত্ৰত আত্ম-নিৰ্ভৰশীল হৈ পৰিব বুলি আশা কৰা হৈছে।