মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মীন

বাহাল থকা গ্ৰামীণ আন্তঃগাঁথনি প্ৰকল্পৰ বাবে পুঁজি যোগান ধৰাৰ উদ্দেশ্যৰে আৰ.আই.ডি.এফ.

বাহাল থকা গ্ৰামীণ আন্তঃগাঁথনি প্ৰকল্পৰ বাবে পুঁজি যোগান ধৰাৰ উদ্দেশ্যৰে ভাৰত চৰকাৰে ১৯৯৫-৯৬ত এই আৰ.আই.ডি.এফ.ৰ গঠন কৰিছিল। ইয়াৰ পুঁজিৰ তত্বাৱধান কৰে কৃষি আৰু গ্ৰামোন্নয়ন ৰাষ্ট্ৰীয় বেংকে(নাৱাৰ্ড)। এই পুঁজিৰ মূল উদ্দেশ্য হৈছে ৰাজ্য চৰকাৰ আৰু ৰাজ্যৰ অধীনষ্ঠ নিগম সমূহক গ্ৰাম্যাঞ্চলৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্প সমূহ সম্পূৰ্ণ কৰাৰ বাবে সক্ষম কৰি তুলিবলৈ ঋণ প্ৰদান কৰা।

ৰাজ্যখনত মীন খণ্ডৰ বৈজ্ঞানীক উন্নয়ন/প্ৰৱন্ধনৰ বাবে যথেষ্ট পৰিসৰ আছে যাতে আৰু ইয়াৰ জৰিয়তে উক্ত খণ্ডক নিয়োগ আৰু উপাৰ্জন/জীৱিকা সৃষ্টি, ৰাজহ বৃদ্ধি, পুষ্টিকতা আৰু খাদ্য সুৰক্ষাৰ এক অতি গুৰুত্বপূৰ্ণ উত্সলৈ ৰূপান্তৰ কৰিব পাৰি। এই ক্ষেত্ৰত বহনক্ষমতাক মূল আধাৰ হিচাপে বিবেচনা কৰা উচিত। অন্য উত্স সমূহ যেনে নদী আৰু জলাশয়, পিটনি আৰু পৰিত্যক্ত জলভাণ্ডাৰ সমূহ, অন্য বান প্ৰৱন এলেকা সমূহ আদিক ইয়াৰ উত্পাদন ক্ষমতা বৃদ্ধিৰ বাবে পৰ্য্যাপ্ত পৰিমাণে ব্যৱহাৰ কৰা হোৱা নাই যি মীন আৰু মত্স্য কৃষিৰ বিকাশৰ জৰিয়তে লাখৰ হিচাপত নিয়োগ সৃষ্টি কৰাৰ উপৰিও গ্ৰাম্য জীৱিকা সৃষ্টি কৰাৰ পূৰ্ণ ক্ষমতা বহন কৰে। গ্ৰাম্যাঞ্চলৰ সম্পদ সমূহৰ পূৰ্ণ ব্যৱহাৰ কৰা বিষয়ক ভিত্তি হিচাপে গ্ৰহণ কৰি বিল-মীন আৰু বান-প্ৰৱন এলেকাৰ উন্নয়ন সাধন কৰা, বিভাগীয় মত্স্য পাম সমূহৰ উন্নিতকৰণ কৰা আৰু নিকা মাছৰ বজাৰ নিৰ্মাণ কৰিবলৈ মীন বিভগে আৰ.আই.ডি.এফ.ৰ পৰা ঋণ লাভ কৰাৰ কৰাৰ সুযোগ গ্ৰহণ কৰি আহিছে।

ক্ৰমিক নংট্ৰাঞ্চ নংনাৱাৰ্ডৰ ফলপ্ৰসু মঞ্জুৰী (লাখ টকাৰ হিচাপতৰকল্পৰ সংখ্যাসম্পূৰ্ণ হোৱা প্ৰকল্প

XV

৫৭২.২৮

XVI

৪৪৮.৬৯

XIX

৯৩৫.৮৮

XXI

৩২১২.৮৬

৬৫

২৫

 

মুঠ

৫১৬৯.৭১

৮৪

৪০